/asomiyapratidin/media/media_files/2025/05/30/o9bMtKL41M1ugXDlH4Jg.jpg)
ডিজিটেল ডেস্কঃ নতুন দিল্লীত আজি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰে অসম প্ৰদেশ কংগ্ৰেছৰ বৈঠক অন্ত পৰিছে। এই বৈঠকৰ পিছতে সাংবাদিকৰ আগত এ আই চি চিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে কয়, ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ অপশাসন আৰু দুৰ্নীতিক মূল ইছ্যু হিচাপে লৈ কংগ্ৰেছ দলটো ৰাইজৰ মাজলৈ যাব।
তেওঁ আৰু কয়, গৌৰৱ গগৈৰ জনপ্ৰিয়তাত হতাশগ্ৰস্ত হৈছে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা। তেওঁ অসমত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ কথা উনুকিয়াই মুখ্যমন্ত্ৰী তথা গৃহ মন্ত্ৰীৰো দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতা প্ৰকাশ পাইছে বুলি কয়।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, আজিৰ বৈঠকৰ প্ৰথমতে আমি বিদায়ী সভাপতি ভূপেন কুমাৰ বৰা দেৱৰ বলিষ্ঠ নেতৃত্বৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰো।
তেওঁ কয়, বিজেপি চৰকাৰৰ গুণ্ডাগিৰি, চিণ্ডিকেটৰাজ আৰু দুৰ্নীতিক আামি মূল ইচ্ছ্যু হিচাপে লৈ আগবাঢ়িম। অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিবলৈ লোৱা বিষয়টোক সমালোচনা কৰি তেওঁ আৰু কয়, খাদ্য, বাসস্থান, নিবনুৱা সমস্যা, বান সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব বিছাৰিছে৷ তেওঁ কয় এই অস্ত্ৰক ৰাজনৈতিক ভাৱে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে বি জে পিয়ে৷
ইফালে তেওঁৰ বিৰুদ্ধে উত্থাপিত পাকিস্তান সম্পৰ্কৰ সন্দৰ্ভত এছ আই টিয়ে সোধ-পোছৰ বাবে তলব কৰিবলৈ প্ৰস্তুতি চলোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মই এছ আই টিয়ে মতালৈ বাত চাই আছো।
আগন্তুক নিৰ্বাচনত বিৰোধী দলৰ মাজৰ মিত্ৰতাৰ সন্দৰ্ভত কোনো আলোচনা কৰা হোৱা নাই বুলি কৈ গগৈয়ে আৰু কয়, মই আজিয়েই সকলো কথা, সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিব নোৱাৰো। পলিটিকেল এফেয়াৰ্ছ কমিটীৰ বৈঠকত বি টি এ ডিৰ নিৰ্বাচন আৰু দলীয় আন বিষয়সমূহ আলোচনা কৰা হ’ব।
উল্লেখ্য যে, আজিৰ এই বৈঠকত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ সভাপতি গৌৰৱ গগৈৰ উপৰিও সাংসদ ৰকিবুল হুছেইন, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছী ৰিপুণ বৰাকে ধৰি নতুনকৈ দায়িত্ব প্ৰাপ্ত কেইবাজনো নেতা উপস্থিত থাকে।