ৰাষ্ট্ৰীয়

বিপদে লগ এৰা নাই এয়াৰ ইণ্ডিয়াক, এইবাৰ যাত্ৰীয়ে কেবিন ক্ৰিউক প্ৰহাৰ কৰাৰ বাবে আধাৰ পৰাই উভতিল লণ্ডনমুখী বিমান..

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিপদে যেন লগ এৰিব বিচৰা নাই এয়াৰ ইণ্ডিয়াক । কিছু মাহ পূৰ্বেই এয়াৰ ইণ্ডিয়াৰ নিউ য়ৰ্কৰ পৰা নতুন দিল্লী অভিমুখী এখন বিমানত এগৰাকী নিচাসক্ত যাত্ৰীয়ে সহযাত্ৰীৰ শৰীৰতেই প্ৰস্বাৱ কৰ‍াৰ দৰে ঘটনা সংঘটিত হোৱাৰ পাছত পুনৰ আন এক ঘটনাই জোকাৰি গৈছে বিমান কৰ্তৃপক্ষক ।

লণ্ডন অভিমুখী এক বিমানত এগৰাকী যাত্ৰীয়ে বিমানৰ কেবিন ক্ৰিউক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ বাবে পুনৰ নতুন দিল্লীলৈ উভতাই আনিব লগীয়া হ'ল বিমানখন । কোনো ধৰণৰ মৌখিক বিতৰ্ক নোহোৱাকৈয়ে হঠাৎ দুগৰাকী কেবিন ক্ৰিউৰ ওপৰত হোৱা এই শাৰীৰিক প্ৰহাৰৰ বাবে বিমানখনৰ কেপ্টেইনে জৰুৰীকালীনভাৱে বিমানখন নতুন দিল্লীত অৱতৰণ কৰাব লগীয়া হয় ।

পৰৱৰ্তী সময়ত বিমানখনত থকা যাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে যাত্ৰীগৰাকীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই ।

এতিয়া প্ৰশ্ন হয়, ভাৰতীয় যাত্ৰীসকলৰ সঘনাই এনে আচৰণে কোনো এক বাধ্যতামূলক সিদ্ধান্ত ল'বলৈ বাধ্য কৰিব নেকি বিমান কৰ্তৃপক্ষক ?