গোলাঘাটৰ বৰহোলাত পথ দুৰ্ঘটনা...

গোলাঘাটৰ বৰহোলাত পথ দুৰ্ঘটনা সংঘটিত হয়; ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ আহি পৰিছে...
গোলাঘাটৰ বৰহোলাত পথ দুৰ্ঘটনা...

ডিজিটেল সংবাদ: বৰহোলা পৰা গোলাঘাটৰ ঊষা সংযোগী ৩২ নং ৰাজ্যিক ঘাইপথৰ লোণপুৰীয়া গাঁৱত পথ দুৰ্ঘটনা সংঘটিত হয় ৷ গোলাঘাট পৰা বৰহোলালৈ একে দিশতে আহি থকা এ এচ ০৫ এ চি ২৬৪৬ নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে লোণপুৰীয়া গাঁৱৰ এটা কেকুঁৰিত পিছফালৰ পৰা এ এচ ০৫ চি ২১৮১ নম্বৰৰ মেজিকখনক পিছফালৰ পৰা তীব্ৰ বেগেৰে খুন্দা মাৰে।

ফলত মেজিকখন ঘাইপথৰ পৰা পথাৰত বাগৰি পৰে ৷ ঘটনাৰ ফলত মেজিকখনত থকা দহ গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰে দুজন যাত্ৰী অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ গুৰুতৰভাৱে আঘাত পোৱা যাত্ৰীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

ইফালে ঘটনা সংঘটিত কৰি ডাম্পাৰখনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰে ৷ ঘটনাস্থলীত ঘিলাধাৰী আৰক্ষী উপস্থিত হৈ ঘটনা তদন্ত আৰম্ভ কৰা লগতে ডাম্পাৰখন জব্দ কৰিছে ৷ উল্লেখযোগ্য যে, বৰহোলা পৰা ঊষা গৰঙা সংযোগী পথছোৱায়েদি দৈনিক ৫০ /৬০ খনতকৈও অধিক ডাম্পাৰ চলাচল কৰে ৷ ইয়াৰে একাংশ উদণ্ড ডাম্পাৰ চালকৰ দৌৰাত্ম্যত পথছাৰীয়ে ত্ৰাহিমধুসূদন সোঁৱৰিব লগা হৈছে ৷ সেয়েহে ৰাইজে এইসকল ডাম্পাৰ চালকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক ৰাইজে আহ্বান জনাইছে ৷

গোলাঘাটৰ বৰহোলাত পথ দুৰ্ঘটনা...
থলুৱা গামোচাৰে বজাৰ দখল চাবুৱাৰ যুৱকৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in