কিশোৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ৬৫ বছৰ বয়সীয়া বৃদ্ধ...

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। কিছুমান নিকৃষ্ঠ মানসিকতাৰ লোকৰ কবলৰ পৰা সাৰি নাযায় কোনো।

author-image
Asomiya Pratidin
New Update
কিশোৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ৬৫ বছৰ বয়সীয়া বৃদ্ধ...

ডিজিটেল ডেস্কঃ দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। কিছুমান নিকৃষ্ঠ মানসিকতাৰ লোকৰ কবলৰ পৰা সাৰি নাযায় কোনো। এনে ধৰণৰ এক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।

Advertisment

বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি উত্তৰ প্ৰদেশৰ গুলৰিহা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত এজন ৬৫ বছৰীয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে জনাই যে, কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত বুধবাৰে নিশা সুৰেশ নামৰ লোক জনক গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযুক্তজনক আজি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

ভুক্তভোগী কিশোৰী গৰাকীৰ মাতৃৰ এজাহাৰ অনুসৰি মঙলবাৰে সংঘটিত হৈছে এই কাণ্ড। ১৩ বছৰীয়া কিশোৰী গৰাকীক ৰাজপথত অকলে পাই ধৰ্ষণ কৰিছিল ৬৫ বছৰ বয়সীয়া ব্যক্তি গৰাকীয়ে। অভিযুক্ত সুৰেশ ভুক্তভোগী পৰিয়ালৰ সম্পৰ্কীয় বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: ''নাদিহেই পাব লাগিছিল বঁটা, গানৰ নামটোহে ভুল হৈছিল'' স্পষ্টীকৰণ সাংস্কৃতিক পৰিক্রমা বিভাগৰ

crime