৭৮৪খন গাঁৱলৈ নতুন ৰে'ল পথঃ মোডী কেবিনেটৰ সিদ্ধান্ত...

গ্ৰামাঞ্চলক লৈ কেন্দ্ৰীয় চৰকাৰৰ আন এক প্ৰদক্ষেপ। যোৱা বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ দুটা মাল্টিট্ৰেকিং ৰেল প্ৰকল্প মুকলি

author-image
Asomiya Pratidin
New Update
drdg

ডিজিটেল ডেস্কঃ গ্ৰামাঞ্চলক লৈ কেন্দ্ৰীয় চৰকাৰৰ আন এক প্ৰদক্ষেপ। যোৱা বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ দুটা মাল্টিট্ৰেকিং ৰেল প্ৰকল্প মুকলি কৰাৰ লগতে অন্ধ্ৰপ্ৰদেশত ৪ লেনযুক্ত বদভেল-নেল্লোৰ ঘাইপথ নিৰ্মাণৰ বাবে অনুমোদন জনায় ।

Advertisment

প্ৰায় ৩,৩৯৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দুটা ৰেলৱে মাল্টিট্ৰেকিং প্ৰকল্পই মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ চাৰিখন জিলাত বৰ্তমানৰ ভাৰতীয় ৰেলৱে নেটৱৰ্কত প্ৰায় ১৭৬ কিলোমিটাৰ দৈৰ্ঘ্য সংযোজন কৰিব। এই পথসমূহ কয়লা, চিমেণ্ট, ক্লিংকাৰ, জিপচম, ফ্লাই এছ, পাত্ৰ, কৃষিজাত সামগ্ৰী, আৰু পেট্ৰলিয়ামৰ দৰে সামগ্ৰী পৰিবহণৰ বাবে অতি গুৰুত্বপূৰ্ণ।

এই প্ৰকল্পসমূহৰ লক্ষ্য হৈছে যাত্ৰী আৰু সামগ্ৰীৰ দ্ৰুত আৰু নিৰৱচ্ছিন্ন গতিবিধিৰ বাবে লাইন ক্ষমতা বৃদ্ধি কৰা। ইয়াৰ দ্বাৰা প্ৰায় ১৯.৭৪ লাখ জনসংখ্যাৰ প্ৰায় ৭৮৪ খন গাঁৱৰ সংযোগ উন্নত হ’ব। এঅ প্ৰকল্পৰ  ফলত বছৰি ১ কোটি ৮৪ লাখ টন মালবাহী যাতায়ত বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

এই প্ৰকল্পৰ জৰিয়তে তেল আমদানি ২০ কোটি লিটাৰ হ্ৰাস কৰাৰ লগতে ৪ কোটি গছপুলি ৰোপণৰ সমতুল্য কাৰ্বন নিৰ্গমন ৯৯ কোটি কিলোগ্ৰাম হ্ৰাস কৰাৰ সম্ভাৱনাও আছে। নিৰ্মাণৰ ফলত প্ৰায় ৭৪ লাখ মানৱ-দিনৰ কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব বুলি প্ৰকল্প কৰা হৈছে।

নৰেন্দ্ৰ মোডী