/asomiyapratidin/media/media_files/2025/05/30/Sx3rlBJVciwTlYc02tzB.jpg)
এক কোটি টকাৰ ধন-সোণ লৈ পলায়ন
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চহৰখনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা জিলা আয়ুক্ত কাৰ্যালয়ৰ সমুখৰ নিউ দাস জুৱেলাৰ্ছ নামৰ দোকানখনৰ স্বত্বাধিকাৰী দীপাংকৰ দাস নামৰ যুৱকজনে এশ জনতকৈ অধিক লোকে জমা কৰা সোণ আৰু নগদ ধন লৈ বৃহস্পতিবাৰে বিয়লি পলায়ন কৰে ৷
পশ্চিম বংগৰ চিলিগুৰি পৰা অহা খুকন দাস আৰু তেওঁৰ পুত্ৰ দীপাংকৰ দাসে বহু কেইবছৰ ধৰি ধেমাজি নগৰৰ ভদ্ৰপাৰত নিগাজীকৈ থাকি ধেমাজি নগৰত জুৱেলাৰী ব্যৱসায় চলাইছিল। পিছে পুত্ৰই পলায়ন কৰাৰ খবৰ বৃহস্পতিবাৰে বিয়পি পৰা পিছত দোকানত গ্ৰাহকে জমা দিয়া সোণৰ আ-অলংকাৰ আৰু ধন বিচাৰি ভিৰ কৰা পৰিলক্ষিত হয় ৷
ধৃত যুৱকজনৰ পৰা গ্ৰাহকে পাবলৈ থকা ধনৰ মূল্যৰ পৰিমান ক্ৰমে- দিগন্ত গগৈৰ পৰা জমা লোৱা সোণৰ পৰিমান ৯ গ্ৰামৰ সৈতে নগদ ৬০ হেজাৰ টকা, লক্ষীমাই কোঁচৰ জমা সোণৰ পৰিমান এক লাখ টকা, টিলাকান্তি গগৈৰ নগদ ১৫ হেজাৰ টকা আৰু এক লাখ টকা সোনৰ মূল্য, তৃষ্ণা বৰাৰ ২ ডাল সোণৰ চেইন, ১ টা আঙুঠি নগদ ধনৰ সৈতে দুই লাখতকৈ অধিক, নিপনজ্যোতি গগৈৰ দুই লাখ টকা সোণৰ পৰিমাণ, হীৰেন কুটুমৰ সোন নগদ ধনৰ সৈতে ৩ লাখ ৮০ হেজাৰ টকা ,মানৱজ্যোতি পামে ৩ লাখ টকা সোনৰ সৈতে নগদ ৮০ হেজাৰ টকা , জিনামনি শইকীয়াৰ জমা কৰা সোণৰ মূল্য ৩ লাখ টকা, বিউটি চেতিয়া জমা দিয়া সোণৰ মূল্য ৮০ হেজাৰ টকা , একেটা পৰিয়ালৰে তৰুণ গগৈ, শিখামনি গগৈ আৰু শিল্পী গগৈয়ে মুঠ ৫ লাখ টকা মূল্যৰ জমা সোণ, বিউটি সোনোৱাল জমা কৰা সোণৰ পৰিমান ৮০ হেজাৰ টকা, মিনাক্ষী সোণোৱালৰ
জমা দিয়া সোণৰ পৰিমান ৪০ হেজাৰ টকা আৰু মৃনালিনী দত্ত জমা দিয়া সোণৰ পৰিমান ডেৰ লক্ষাধিক ৷ ইতিমধ্যে গ্ৰাহক সকলে সন্ধিয়া পৰ্যন্ত হাতে হাতে ৰিচিপ্ট লৈ ভিৰ কৰিছে দোকান চৌহদত।
ধৃত যুৱকজনে অনুমানিক এশজনতকৈ অধিকলোকৰ পৰা প্ৰায় এক কোটিতকৈ ধন-সোণ লোট কৰা বুলি অভিযোগ উত্থাপন হৈছে। এতিয়ালৈ কোনো গ্ৰাহকে আৰক্ষী থানাত গোচৰ দিয়া নাই যদিও ঘটনাৰ সবিশেষ তদন্ত বিচাৰি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে এখন এজাহাৰ দাখিল কৰিছে ৷