৩৫৪ এমটিত সৰ্বকালৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে ভাৰতৰ খাদ্যশস্যৰ উৎপাদন

দেশত শেহতীয়াকৈ ধান, ঘেঁহু, কুঁহিয়াৰ, মাটিমাহ আৰু সৰিয়হকে ধৰি সকলো প্ৰধান শস্যই বছৰটোত অভিলেখ সৃষ্টি কৰিছে। ২০২৪-২৫ চনত ৩৫৪ মিলিয়ন টন (এমটি)ৰে নতুন শীৰ্ষবিন্দুত উপনীত হোৱা বুলি ধাৰণা কৰিছে।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ খাদ্যশস্যৰ উৎপাদন ৬.৬% বৃদ্ধি

ভাৰতৰ খাদ্যশস্যৰ উৎপাদন ৬.৬% বৃদ্ধি

ডিজিটেল ডেস্কঃ ৬.৬% বৃদ্ধি পাইছে ভাৰতৰ খাদ্যশস্যৰ উৎপাদন। দেশত শেহতীয়াকৈ ধান, ঘেঁহু, কুঁহিয়াৰ, মাটিমাহ আৰু সৰিয়হকে ধৰি সকলো প্ৰধান শস্যই বছৰটোত অভিলেখ সৃষ্টি কৰিছে। ২০২৪-২৫ চনত ৩৫৪ মিলিয়ন টন (এমটি)ৰে নতুন শীৰ্ষবিন্দুত উপনীত হোৱা বুলি ধাৰণা কৰিছে।

Advertisment

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে ২০২৪-২৫ চনত সৰ্বকালৰ অভিলেখ খাদ্যশস্যৰ উৎপাদনৰ কাৰণ কেন্দ্ৰৰ কৃষক অনুকূল নীতি, য’ত ন্যায্য মূল্য নিৰ্ধাৰণ, লোকচানৰ ক্ষতিপূৰণ আৰু কম সুতৰ ঋণ, আৰু ৰাজ্য চৰকাৰসমূহে সেইবোৰ সঠিকভাৱে ৰূপায়ণ কৰা বুলি সদৰি কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে, "সামগ্ৰিকভাৱে খাদ্যশস্যৰ উৎপাদন ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। দালি আৰু তৈলবীজৰ উৎপাদন আৰু বৃদ্ধি কৰিব লাগিব, যাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।"

উল্লেখযোগ্য যে, ২০২৪-২৫ বৰ্ষৰ বাবে ঘেঁহুৰ উৎপাদন ১১৭ মেট্ৰিক টন পৰ্যন্ত কৰা হৈছে, যিটো পূৰ্বতে ১১৫ মেট্ৰিক টন বুলি অনুমান কৰা হৈছিল। আনহাতে বিগত বৰ্ষত ইয়াৰ উৎপাদন  আছিল ১১৩ মেট্ৰিক টন। একেদৰে, ২০২৩-২৪ চনত ১৩৮ মেট্ৰিক টনৰ তুলনাত ধানৰ উৎপাদন অভিলেখ ১৪৯ মেট্ৰিক টন বুলি অনুমান কৰা হৈছে। আনহাতে কুঁহিয়াৰৰ উৎপাদন ৪২ মেট্ৰিক টন হোৱাৰ প্ৰকল্প কৰা হৈছে।

শিৱৰাজ সিং চৌহান