/asomiyapratidin/media/media_files/2025/05/29/dflUms0wFIr6Z7utDu2l.jpg)
ডিজিটেল ডেস্কঃ ১০ বছৰীয়া এটি শিশু। নাম শ্ৰৱণ সিং। যদিও শিশু তথাপিও শ্ৰৱণ সিঙৰ সাহস বহু প্ৰাপ্ত বয়স্কৰ সৈতেও তুলনা নহয়। তাৰ মনত যেন যুদ্ধ ক্ষেত্ৰৰ সেই যুঁজাৰু সৈন্যৰে অদম্য সাহস।
অপাৰেচন সিন্দূৰৰ সময়ৰ বহু কাহিনীয়েই এটা এটাকৈ পোহৰলৈ আহিছে। এই অভিযানৰ সময়ত কোনে, কি ভূমিকা পালন কৰিছিল, কেনেকৈ দায়িত্ব পালন কৰিছিল, জীৱন-মৰণক আওকান কৰি পত্নী, পিতৃ-মাতৃ, সন্তানক এৰি দেশৰ হৈ সীমান্তত সাহসেৰে যুঁজিবলৈ ৰাওনা হৈছিল তেনে বহু কাহিনীও সংবাদ মাধ্যমতে প্ৰকাশ হৈছিল।
এনে কাহিনীৰ মাজত হেৰাই আছিল শ্ৰৱণ সিঙৰ কাহিনী। ১০ বছৰীয়া শ্ৰৱণক কিছু পলমকৈ হ’লেও পোহৰলৈ আহিছে ভাৰতীয় সেনাই। যিসময়ত ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত তুংগত হৈ উঠিছিল সেই সময়তে পঞ্জাৱৰ অমৃতসৰত ভাৰত-পাক সীমান্তত নিয়োজিত সৈনিকক সহায়ৰ হাত আগবঢ়াবলৈ আবাঢ়ি আহিছিল শ্ৰৱণ নামৰ শিশুটি।
সেই সময়ত ভাৰতে পাকিস্তানৰ ভূমিত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাৰ বাবে পাকিস্তান সেনাই জম্মু-কাশ্মীৰ, ৰাজস্থান, গুজৰাট আৰু পঞ্জাৱৰ বিভিন্ন বসতিপ্ৰধান অঞ্চলত ড্ৰোণ আৰু মিছাইল আক্ৰমণ অব্যাহত ৰাখিছিল। তাৰ প্ৰত্যুত্তৰ দিছিল ভাৰতীয় সেনায়ো।
পাকিস্তানীৰ সৈতে সামৰিক সংঘাতত লিপ্ত হোৱা ভাৰতীয় সেনাক সেই সময়তে খাদ্য আৰু খোৱাপানীৰ যোগান ধৰিছিল শ্ৰৱণে। সৈনিকসকল যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিছিল।
দেশৰ বাবে যুঁজ দিয়া সেনাৰ কাষত এইদৰে সাহসেৰে থিয় হৈ অনবদ্য অৱদান আগবঢ়োৱা শ্ৰৱণ সেয়া সেনাৰ দৃষ্টিত হৈ পৰিছে প্ৰকৃত নায়ক। সেই নায়ককে এতিয়া সন্মান জনাই দেশবাসীৰ আগত চিনাকী কৰাই দিছে সেনাই।
আজি শ্ৰৱণক সেনাই ‘যুৱতম অসামৰিক যোদ্ধা’ বঁটা প্ৰদান কৰিছে। ১০ বছৰীয়া এইগৰাকী শ্ৰৱণৰ ঘৰ পঞ্জাৱৰ ফিৰোজপুৰৰ মামদোট গাঁৱত। শ্ৰৱণৰ পিতৃৰ নাম সোণা সিং।
তেওঁ সংবাদ সংস্থাৰ আগত এই সন্দৰ্ভত কয়, দুয়োখন দেশৰ মাজত সামৰিক সংঘাতৰ সময়ত সীমান্তৰ কাষৰ আমাৰ ভূমিৰ পৰা সৈন্যই পাকিস্তানক অহৰহ প্ৰত্যুত্তৰ দিছিল। সৈনিকসকলক ওচৰৰ পৰা দেখি শ্ৰৱণ আপ্লুত হৈ পৰিছিল।
শ্ৰৱণে নিজেই খোৱাপানী, খাদ্য, লাচী, বৰফ আদি লৈ হাঁহি হাঁহি সৈন্যসকলৰ কাষলৈ গৈছিল। সি ধ্যান ৰাখিছিল যাতে কোনো কষ্টৰ সন্মুখীন নহয়। আমিও তাক বাধা দিয়া নাছিলো। কাৰণ সৈনিকৰ সেৱাত তাৰ সন্তুষ্টি আমাৰ বাবে আছিল গুৰুত্বপূৰ্ণ।
সোণাই আৰু কয়, "যেতিয়ালৈকে এই সামৰিক সংঘাত চলি আছিল, যেতিয়ালৈকে সেনাই আমাৰ মাটিত আছিল তেতিয়ালৈকে শ্ৰৱণে খাদ্য, পানী আদি যোগান ধৰিছিল। তাৰো সপোন এদিন সৈনিকসকলৰ দৰেই সিও নিজৰ দেশৰ বাবে যুঁজ দিব।
ইফালে শ্ৰৱণে এই সন্মান গ্ৰহণ কৰি কয়, সেনা জোৱানসকলক খাদ্য যোগান ধৰি সি অতি আনন্দিত। তাৰ ভাষাত- "ময়ো ডাঙৰ হ'লে সৈনিক হ'ব বিচাৰো। মই মোৰ দেশৰ বাবে যুঁজিব বিচাৰো।"
#IndianArmy honours little boy Shravan Singh, who helped soldiers in Amritsar border by bringing water, milk, lassi, ice from his house during #operation_sindoor .#Sardar for a reason. Nation First! pic.twitter.com/1r686sFpYV
— Major Madhan Kumar 🇮🇳 (@major_madhan) May 28, 2025