''নাদিহেই পাব লাগিছিল বঁটা, গানৰ নামটোহে ভুল হৈছিল'' স্পষ্টীকৰণ সাংস্কৃতিক পৰিক্রমা বিভাগৰ

বঁটা বিতৰ্ক সন্দৰ্ভত সাংস্কৃতিক পৰিক্রমা বিভাগৰ স্পষ্টীকৰণ। বিভাগে কয় যে নাহিদ আফ্রিনেই লাভ কৰিছে শ্রেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ বঁটা।
নাহিদ আফ্ৰিন
নাহিদ আফ্ৰিন

ডিজিটেল ডেস্কঃ বঁটা বিতৰ্ক সন্দৰ্ভত সাংস্কৃতিক পৰিক্রমা বিভাগৰ স্পষ্টীকৰণ। বিভাগে কয় যে নাহিদ আফ্রিনেই লাভ কৰিছে শ্রেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ বঁটা।

‘নিজানৰ গান’ ছবিখনৰ ‘নতুন এজাক সপোন’ গীতটোৰ বাবে এই বঁটা। এক প্রেছ বিজ্ঞপ্তিযোগে সাংস্কৃতিক পৰিক্রমা বিভাগে জনাইছে এই তথ্য।

উল্লেখ্য় যে, ২০১৮ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্র বঁটাক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ। নাহিদৰ লগতে চৰ্চালৈ আহিছিল ‘নীলাতে লুকাভাকু’ গীতটো। 'নীলাতে লুকাভাকু’ শীৰ্ষক গীতটিৰ বাবে নাহিদক প্ৰদান কৰা হৈছিল বঁটা। কিন্তু সেই গানটো গোৱা নাছিল নাহিদে।

যাক লৈ গানটোৰ মূল গায়িকা গৰাকীয়ে এই কথা পোহৰলৈ অনাৰ পাছতেই আৰম্ভ হৈছিল বিতৰ্কৰ। প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল মন্ত্ৰী, বিধায়ক, দল সংগঠনেও। অৱশেষত আজি স্পষ্টীকৰণ দিলে সাংস্কৃতিক পৰিক্রমা বিভাগে।

নাহিদ আফ্ৰিন
চৰকাৰী চিকিৎসকৰ ব্যক্তিগত খণ্ডলৈ ঢাপলি! মামৰে ধৰাৰ দিশে চিকিৎসা মহাবিদ্যালয়ৰ কোঠা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in