/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c6454851-e7e0-4ae1-9203-e35fe9e42005/AP_FOR_WEB_1111.jpg)
ডিজিটেল ডেস্কঃ "বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত,এবাৰ জিৰাও তোৰ বুকুৰ শীতল ছাঁত,বন্ধু...।" চন ১৯৮৪। চানমাৰি অঞ্চলৰ এজাক শিশুৱে ঢাৰি-পাটী,ফলি-কিতাপলৈ ঢাপলি মেলিছিল গুৱাহাটীস্থিত নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়লৈ বুলি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/cb89681d-aac4-4904-b243-9f1c3074af36/5a234692_22a7_4732_af4c_4ca99b513b9d.jpg)
গতিশীল সময়ৰ সোঁতত সকলোৱে নিজ নিজ কৰ্ম,পৰিয়াল ইত্যাদিকলৈ ব্যস্ত। এনেহেন ব্যস্ততাপূৰ্ণ জীৱনটো নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ৰ ৮৪ শিক্ষাবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ এপলকৰ বাবে শৈশৱলৈ ঘূৰি যোৱাৰ প্ৰয়াস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8a86e9e2-514e-45bd-a032-6e9ee1dcc5e0/94acc7c2_0382_4207_9631_45041da50a1b.jpg)
সেই উদ্দেশ্য সন্মুখত ৰাখিয়েই শুকুৰবাৰে আপোন বিদ্যালয়খনত একলগ হোৱাৰ মানসৰে "১৯৮৪ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ মিলন" শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানটিৰ বাবে উদ্যোগ লয় প্ৰাক্তন ছাত্ৰী নিজৰা গোস্বামীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a506842f-4862-4031-a7ba-92bbcee14401/89caf313_593c_4f39_b97c_4f54a58fb3cb.jpg)
শুকুৰবাৰে বিয়লি ৫ঃ৩০ বজাত বিদ্যালয়খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক প্ৰদীপ কলিতাৰ সহযোগত আয়োজিত হয় এই অনুষ্ঠানটি। ১৯৮৪ শিক্ষা বৰ্ষৰ শিক্ষাৰ্থীসকলৰ এই পুনৰ মিলন অনুষ্ঠানত ভালে কেইগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/adf66068-6432-4b99-8691-66f2d1987b68/658f9963_fe15_48db_99eb_39b27866b36d.jpg)
এই পুনৰ মিলন অনুষ্ঠানটিত অংশগ্ৰহণ কৰি প্ৰাক্তন শিক্ষাৰ্থীসকল যথেষ্ট আনন্দিত হৈ পৰাৰ লগতে আৱেগিক আৰু নষ্টালজিক হৈ পৰে। সহপাঠীসকলক কাষত পাই অতীতৰ স্মৃতি ৰোমন্থন কৰি শৈশৱলৈ ঘূৰি যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d8005f4c-6593-48af-a0f1-9f541c987a63/5c126c32_b133_4c28_984f_dbf028ac21ba.jpg)
ঋতুৰাজ ভাগৱতীয়ে আঁত ধৰা অনুষ্ঠানত সকলোৱে ইজনে সিজনৰ পৰিয়ালৰ খা-খবৰ লোৱাৰ উপৰিও বৰ্তমানে কোন, ক'ত, কেনেকৈ ব্যস্ত সেই সম্পৰ্কেও বিষদভাৱে সহপাঠীসকলৰ আগত ব্যক্ত কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো প্ৰাক্তন শিক্ষাৰ্থীয়েই আজিৰ তাৰিখত নিজ নিজ কৰ্মক্ষেত্ৰত সু-প্ৰতিষ্ঠিত। চাকৰি,ব্যৱসায়,সমাজ সেৱা ইত্যাদি বিভিন্ন ক্ষেত্ৰত সকলোৱে ব্যস্ত।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোৰো মুখত দেখা পোৱা গ'ল সন্তুষ্টিৰ হাঁহি। পঢ়ি থকা কালতে বিদ্যালয়ৰ প্ৰাতঃসভাত গোৱা প্ৰাৰ্থনা গুণগুণাই আৱেগিক হৈ পৰিল তেওঁলোক।
অনুষ্ঠানত নৃত্য,গীত আদিৰে পাৰ কৰিলে এটি মধুময় সন্ধিয়া। এই অনুষ্ঠানৰ মাজতে প্ৰাক্তন শিক্ষাৰ্থীসকলে জানিবলৈ দিয়ে যে, অনাগত সময়ত বিদ্যালয়খনৰ উন্নতিৰ হকে ১৯৮৪ বৰ্ষৰ এইসকল শিক্ষাৰ্থীয়ে বিভিন্ন গঠনমূলক কাম কাজ হাতত লৈছে। আনহাতে বিদ্যালয়খনৰ আন আন শিক্ষাবৰ্ষৰ প্ৰাক্তন শিক্ষাৰ্থীসকলকো তেওঁলোকৰ এই যাত্ৰাত সহযাত্ৰী হিচাপে লগত লৈ বিদ্যালয়খনৰ উন্নয়নমূলক কাম কৰি যাব বুলি জনায়।
Also Read: অসম ধান গৱেষণা প্ৰতিষ্ঠানলৈ সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা কেন্দ্ৰৰ স্বীকৃতি