/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7a8a4969-f36c-4973-bfef-f124244d5adb/dhan.jpg)
ডিজিটেল সংবাদ,যোৰহাটঃ ধান গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শতবৰ্ষ গৰকা তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানে সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা প্ৰতিষ্ঠানৰ স্বীকৃতি লাভ কৰিছে । ৰাষ্ট্ৰীয় ধান গৱেষণা গোটৰ ৫৮ সংখ্যক সৰ্বভাৰতীয় বাৰ্ষিক পৰ্যালোচনা সভাত শুকুৰবাৰে অসম ধান গৱেষণা প্ৰতিষ্ঠানক সৰ্বভাৰতীয় সমন্বিত কৃষি গৱেষণা প্ৰকল্পৰ শ্ৰেষ্ঠ ধান গৱেষণা প্ৰতিষ্ঠানৰ স্বীকৃতি প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/31c6569a-7d39-4e3e-9fae-1619daa64e60/969ddb1d_06f6_4771_ba20_78cde39abd04.jpg)
অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী ড: সঞ্জয় কুমাৰ চেতিয়াৰ নেতৃত্বত গৱেষক বিজ্ঞানীৰ দলে সৰ্বভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড: আৰ এম সুন্দৰমৰ পৰা এই সন্মান গ্ৰহণ কৰে । এই অনুষ্ঠানত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড: এছ কে প্ৰধান, ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড: এ কে নায়ক উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3e85438e-2aa9-415b-ac15-8a04436e5804/214ad755_4737_4704_b678_531f77ab99ba.jpg)
আনহাতে দেশৰ বিভিন্ন প্ৰান্তৰ ৩ শতাধিক গৱেষক, বিজ্ঞানী আৰু শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় ধান গৱেষণা গোটৰ ৫৮ সংখ্যক বাৰ্ষিক পৰ্যালোচনা সভাৰো আজি সামৰণি পৰে । পৰিবৰ্তিত পৰিস্থিতিত ধান গৱেষণাৰ ক্ষেত্ৰখনত লবলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে এই বৈঠকত বিশেষভাৱে পৰ্যালোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/59beeb69-d3b7-44ae-9286-67f0bc96f346/7fcbf393_17fc_43c7_864c_ddc9498fb2e3.jpg)
জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই পৰ্যালোচনা বৈঠকত ধান গৱেষণাৰ লগত জড়িত দেশৰ কৃষি বিশ্ববিদ্যালয়সমুহ, গৱেষণা প্ৰতিষ্ঠানসমূহ আৰু এই দিশৰ লগত জড়িত নিৰ্বাচিত কৃষি উদ্যোগীয়ে অংশগ্ৰহণ কৰি ধান গৱেষণা ৰ দিশত বৈপ্লৱিক পৰিবৰ্তন অনাৰ বাবে সংকল্পবদ্ধ হয় ।
Also Read: থাকিবলৈ নাই ঘৰঃ নিশাৰ ভিতৰতে কোটিপতি দুৰ্ভগীয়া মহিলা