আজি ৰাজ্যজুৰি মুক্তিলাভ কৰিব পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি ‘ভাইমনদা’

প্ৰখ্যাত তথা সফল চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ‘ভাইমনদা’ শীৰ্ষক নতুন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি। এই ছবিখনত ষাঠিৰ দশকৰ পৰা জুবিন গাৰ্গ, যতীন বৰা, ৰবি শৰ্মা

author-image
Asomiya Pratidin
New Update
ভাইমনদা

ডিজিটেল ডেস্ক : প্ৰখ্যাত তথা সফল চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ‘ভাইমনদা’ শীৰ্ষক নতুন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি। এই ছবিখনত ষাঠিৰ দশকৰ পৰা জুবিন গাৰ্গ, যতীন বৰা, ৰবি শৰ্মাৰ আদিৰ সময়ছোৱালৈকে মুনিন বৰুৱাৰ চলচ্চিত্ৰ জীৱন পৰিক্ৰমা দেখুওৱাৰ প্ৰয়াস কৰা হৈছে।

Advertisment

বুধবাৰে অনুৰাধা ছবিগৃহত প্ৰিমিয়াৰ হৈ যোৱা ভাইমনদাই ২৩ মে’ ২০২৫ শুকুৰবাৰে অসমৰ প্ৰায়বোৰ ছবিগৃহতে মুক্তিলাভ কৰিব। তাৰোপৰি দেশৰ আন আন মুখ্য চহৰতো ছবিখনৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। 

উল্লেখযোগ্য যে, ৩৬০ৰো অধিক কলা- কুশলীয়ে ছবিখনৰ ভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছে। ছবিখনৰ পৰিচালক শশাংক সমীৰৰ। প্ৰযোজনা শ্যামন্তক গৌতমৰ। সংগীত জুবিন গাৰ্গৰ।

তাৰপোৰি ছবিখনৰ অন্যতম দিশ হৈছে সাজসজ্জা। একাবাৰে ষাঠিৰ দশকৰ সাজ-পোছাকৰ পৰা বৰ্তমানৰ পোছক লৈ ছবিখনত দেখুওৱা হৈছে। এই দিশটো সেইবাবেই অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ভাইমনদাৰ সাজসজ্জা নিৰ্ধাৰণ কৰিছে গৰিমা শইকীয়া গাৰ্গে।

আনহাতে ছবিখনত কেইবাগৰাকী ন- পুৰণি শিল্পীয়ে অভিনয় কৰিছে। মুনিন বৰুৱাৰ চৰিত্ৰ ৰূপায়ণ কৰিছে বনদীপ শৰ্মাই। একেদৰে যতীন বৰা, ৰবি শৰ্মাৰ চৰিত্ৰ ৰূপায়ন কৰিছে প্ৰতিভাৱান অতিনেতা কৌশিক ভৰদ্বাজ আৰু জয় শইকীয়াই।

তাৰোপৰি নীলিম দত্তই বিজু ফুকনৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। মৃদুলা বৰুৱাৰ চৰিত্ৰ ৰূপায়ণ কৰিছে বৈভৱীয়ে। ইয়াৰ উপৰিও ছবিখনত বহুকেইগৰাকী অভিনেতা- অভিনেত্ৰীৰ চৰিত্ৰত কেইবাগৰাকী প্ৰতিষ্ঠিত আৰু প্ৰতিভাশালী কলা- কুশলীয়ে অভিনয় কৰিছে। ছবিখনক লৈ আশাবাদী টীম ভাইমনদা।

zubeen garg jatin bora ravi sarma Assamese Cinema