দক্ষিণ গৌহাটীৰ ৰটাৰী ক্লাৱৰ উদ্যোগত বিশেষ কৰ্মশালা

এই অনুষ্ঠানত ড° চৌধুৰীয়ে কিতাপ পঢ়াৰ গুৰুত্ব আৰু কিতাপ পঢ়াই জ্ঞান আৰু ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ পেলাব পাৰে সেই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
গৌহাটী দক্ষিণৰ ৰটাৰী ক্লাৱৰ উদ্যোগত বিশেষ কৰ্মশালা

গৌহাটী দক্ষিণৰ ৰটাৰী ক্লাৱৰ উদ্যোগত বিশেষ কৰ্মশালা

ডিজিটেল ডেস্কঃ গৌহাটী দক্ষিণৰ ৰটাৰী ক্লাৱ(RCGS)ৰ উদ্যোগত শনিবাৰে পাণবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত গল্প কোৱা আৰু গ্ৰন্থ পাঠ বিষয়ক কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° অমজ্যোতি চৌধুৰী আৰু গল্পকাৰ শ্ৰীমতী হিৰণময়ী গোস্বামী উপস্থিত থাকে। এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অনুভৱ প্ৰকাশ কৰে। কিতাপ পঢ়াৰ পিছত কিতাপখনৰ বিষয়বস্তুও বৰ্ণনা কৰা হয়।

Advertisment

এই অনুষ্ঠানত ড° চৌধুৰীয়ে কিতাপ পঢ়াৰ গুৰুত্ব আৰু কিতাপ পঢ়াই জ্ঞান আৰু ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ পেলাব পাৰে সেই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। লগতে ছাত্ৰ-ছাত্ৰীসকলক কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ অনুৰোধ জনায়। ভৱিষ্যতে গুৱাহাটীৰ বিভিন্ন বিদ্যালয়ত এনে কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আৰ চি জি এছক অনুৰোধ জনায়।

অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অনুভৱ প্ৰকাশ কৰে
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অনুভৱ প্ৰকাশ কৰে

 

 ইফালে গল্পকাৰ শ্ৰীমতী হিৰণময়ী গোস্বামী আৰু তেওঁৰ কন্যা শ্ৰীমতী ৰঞ্জুমনি গোস্বামীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে। ছাত্ৰ-ছাত্ৰীসকলেও আগ্ৰহেৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত হিৰণময়ী গোস্বামীয়ে গল্প কোৱাৰ সুবিধাসমূহৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। যোগাযোগৰ দক্ষতা বৃদ্ধি, সহানুভূতি বৃদ্ধি আৰু স্মৃতিশক্তি ধৰি ৰখাৰ উন্নতি আদি বিষয়তো মন্তব্য আগবঢ়াই গল্পকাৰগৰাকীয়ে। এই অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বন্দনা বৰুৱাৰ লগতে আন শিক্ষাগুৰু সকলো উপস্থিত থাকে।

কৰ্মশালা