সদৌ অসম ভিত্তিত প্রাইজমানি ভূপেন্দ্র সংগীত প্রতিযোগিতাৰ আয়োজন

সদৌ অসম ভিত্তিত প্রাইজমানি ভূপেন্দ্র সংগীত প্রতিযোগিতাৰ আয়োজন

author-image
Asomiya Pratidin
New Update
সদৌ অসম ভিত্তিত প্রাইজমানি ভূপেন্দ্র সংগীত প্রতিযোগিতাৰ আয়োজন

ডিজিটেল ডেস্ক: সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাদশ প্ৰয়াণ দিৱসৰ সৈতে সংগতি ৰাখি অহা ৫ নৱেম্বৰত গুৱাহাটী সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠনৰ উদ্যোগত সদৌ অসম ভিত্তিত প্রাইজমানি ভূপেন্দ্ৰ সংগীতৰ এখনি প্রতিযোগিতা আয়োজন কৰা হৈছে। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাখনি 'ক' আৰু 'খ' দুটা শাখাত অনুষ্ঠিত কৰা হ'ব বুলি সংগঠনৰ সধাৰণ সম্পাদক, সভাপতি আৰু সাংস্কৃতিক সম্পাদক ক্ৰমে নেছাৰউদ্দিন আহমেদ, বলেন্দ্ৰ ভৰালী আৰু ৰক্তিম এক প্ৰেছ বিবৃতিযোগে প্রকাশ কৰিছে।

Advertisment

প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি 'ক' শাখাত প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থী আৰু 'খ' শাখাত অষ্টম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অংশ ল'ব পাৰিব। 'ক' শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা মুঠ ৩ গৰাকী প্ৰতিযোগীক ক্ৰমে ১০ হাজাৰ, ৭ হাজাৰ আৰু ৫ হাজাৰ, আনহাতে 'খ' শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা মুঠ ৩গৰাকী প্ৰতিযোগীক ক্রমে ১৫ হাজাৰ, ১০ হাজাৰ আৰু ৭ হাজাৰ নগদ টকাৰ পুৰস্কাৰ লগতে মানপত্ৰ আৰু মমেন্টও আগবঢ়োৱা হ'ব।

তদুপৰি দুয়োটা শাখাতে আন ৩গৰাকীকৈ মুঠ ৬গৰাকী প্রতিযোগীলৈ আগবঢ়োৱা হ'ব বিচাৰকৰ বিশেষ বঁটা। গুৱাহাটীৰ চানমাৰি কলনীৰ তীৰ্থনাথ সভাগৃহত ৫ নৱেম্বৰৰ পুৱা ১০ বজাত অনুষ্ঠিত হ'বলগীয়া উক্ত প্রতিযোগিতাত ২০০ টকা ভর্তি মাচুলসহ নাম পঞ্জীয়নৰ অন্তিম তাৰিখ ৩ নৱেম্বৰ।

উল্লেখ্য যে, প্ৰতিযোগিতাৰ বাবে আয়োজক সমিতিয়ে নির্বাচন কৰা ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ স্বৰচিত ২৪ টা কালজয়ী গীতৰ যিকোনো এটি গীত পৰিৱেশন কৰিব পাৰিব। ইচ্ছুক প্রতিযোগীসকলে সবিশেষ তথ্যৰ বাবে চানমাৰি উৰণীয়া সেতুৰ তলত পূব গুৱাহাটী বিহু সন্মিলনৰ সমীপৰ গুৱাহাটী সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠনৰ কাৰ্যালয়ত অথবা ১৬৭৮২৮৬৫১৮, ৯৮৫৪৫৩৬২৮৯, ৭০০-১১০৩৮০ নম্বৰত যোগাযোগ কৰিব পাৰিব। উল্লেখ্য যে প্রতিযোগীসকলে লগত বাদ্যযন্ত্রী আনিব নালাগে।

Also Read: এমাহে সন্ধানহীন ঘৰৰ মুৰব্বী : দিশহাৰা পত্নী-মাতৃ

ভূপেন্দ্র সংগীত