পৰাগ কুমাৰ দাসক অসমৰ সকলো শ্ৰেণীৰ লোকে বিশ্বাসত লৈছিল...

বলিষ্ঠ, নিৰ্ভীক তথা অসমীয়া সংবাদ মাধ্যমৰ ভোটাতৰা ছহিদ পৰাগ কুমাৰ দাসৰ আজি মৃত্যু তিথি। দিনজোৰা কাৰ্যসূচীৰে আজিৰ দিনটোত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (MASS) ৰ উদ্যোগত বিগত বৰ্ষৰ দৰেই পালন কৰা হৈছে ছহিদ দিৱস।

New Update
jkdd

ডিজিটেল ডেস্কঃ  jkdd

পুৱাৰ ভাগতে ৰাজগড়স্থিত ছহিদ বেদী প্ৰাংগণত শ্ৰদ্ধাঞ্জলি জনাই তেওঁক স্মৰণ কৰাৰ পিছতে গুৱাহাটী প্ৰেছ ক্লাৱত মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে আয়োজন কৰে পৰাগ স্মৰণ শীৰ্ষক এটি অনুষ্ঠানৰ। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটিত উপস্থিত থাকে পৰাগ কুমাৰ একালৰ সতীৰ্থ, পৰিয়ালবৰ্গৰ লগতে বহু সংখ্যক অনুগামী।

f72c7403-7ee9-43b4-b6f6-a3131fddcacc

পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা পৰাগ স্মৰণ অনুষ্ঠাটিত মুখ্য বক্তা হিচাপে অংশ লয় মাছৰ নেতা লাচিত বৰদলৈয়ে। পৰাগ কুমাৰ দাসৰ সৈতে পাৰ কৰা সময় আৰু তেওঁৰ চিন্তাৰাজিয়ে অসমৰ সমাজ জীৱনত অনা পৰিৱৰ্তন আৰু প্ৰভাৱৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে বৰদলৈয়ে।

আনফালে পৰাগ কুমাৰ দাসৰ সহধৰ্মিনী পূৰবী দাস, ভাতৃ পল্লৱ দাস আৰু মাছৰ সমূহ কেন্দ্ৰীয় বিষয়ববীয়াই অংশ লোৱা এই অনুষ্ঠানটিত বহুজনে বক্তব্য ৰাখে। সকলোৱে নিজৰ বক্তব্যত পৰাগ কুমাৰ দাসৰ সান্নিধ্য আৰু তেওঁৰ সমাজমুখী চিন্তা ধাৰাৰ ওপৰত আলোকপাত কৰে।

a05f37d5-3298-451f-952f-3fa89260de42

পৰাগ স্মৰণ অনুষ্ঠানটিত কেৱল মাত্ৰ পৰাগ কুমাৰ দাসৰ চিন্তাধাৰাৰ ওপৰতে নহয় তেওঁৰ সাহিত্য চৰ্চাৰ ওপৰতো আলোচনা কৰা হয়। আগন্তুক সময়ত তেওঁৰ গ্ৰন্থ আৰু সাহিত্যসমূহক লৈ গৱেষণাৰ পৰিকল্পনা কৰাৰ কথাও এগৰাকী বক্তাই উল্লেখ কৰে।

পৰাগ কুমাৰ দাসক সোঁৱৰণ কৰি একালৰ সাংবাদিক মেহদি আলম বৰাই কয় যে, প্ৰথমে বুধবাৰ আৰু তাৰ পিছত অসমীয়া প্ৰতিদিনৰ জৰিয়তে পৰাগ কুমাৰ দাসে এক নতুন সাংবাদিকতাৰ ধাৰা সৃষ্টি কৰিছিল। সাংবাদিকৰো যে এক নিজা দৃষ্টিভংগী আছে আৰু কেৱল মাত্ৰ বাতৰি পৰিৱেশন কৰাই সাংবাদিকৰ কাম নহয়, সেই কথা পৰাগ কুমাৰ দাসে সাংবাদিকতাত প্ৰয়োগ কৰিছিল।

11fb1074-73b5-47e9-ab7e-01bcd6cd2e65

আনহাতে লাচিত বৰদলৈয়ে তেওঁৰ ভাষণত কয় যে, পৰাগ কুমাৰ দাসৰ দৰে সাংবাদিকতা কোনোবাই কৰিব পাৰিব বুলি মোৰ বোধ নহয়। তেওঁৰ কেৱল এটা ঘটনাৰ ওপৰত সাংবাদিকতা নকৰে, সেই ঘটনাৰ গভীৰতালৈ গৈ যি সাংবাদিকতা কৰে তাৰ প্ৰভাৱ সমাজত পৰে। ৰাষ্ট্ৰৰ বিৰুদ্ধে তেওঁৰ বলিষ্ঠ আৰু নিৰ্ভীক কন্ঠৰ বাবেই তেওঁক অসমৰ সকলো জনগোষ্ঠীৰ লোকে বিশ্বাসত লৈছিল। পৰাগ কুমাৰ দাসৰ এই ব্যক্তিত্ব পাহাৰসম বুলি মন্তব্য কৰে বৰদলৈয়ে।

তেওঁ লগতে কয় যে, প্ৰান্তিকত পৰাগ কুমাৰ দাসে প্ৰথম লেখনিটো  লিখিছিল অসমৰ চৰ-চাপৰিৰ লোকৰ জীৱনৰ ওপৰত। বড়ো আৰু অসমীয়াৰ সংঘাতক লৈ তেওঁৰ যি প্ৰদক্ষেপ আছিল এতিয়াও বহুলোকে মনত ৰাখিছে। আনকি পৰাগ কুমাৰ দাসৰ সভাতে বহুকেইটা জনগোষ্ঠীয় সংঘাতৰ যৱনিকা পৰিছিল।

আনহাতে পৰাগ কুমাৰ দাসৰ সোৱৰণত আয়োজন কৰা এই অনুষ্ঠানটোলৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা বহু অনুগামীয়ে অংশ লয়। সকলোৱে পৰাগ কুমাৰ দাসৰ সৃষ্টিশীল, নিৰ্ভীক, বলিষ্ঠ কন্ঠক সোঁৱৰণ কৰি শ্ৰদ্ধা নিবেদন কৰে।

b5c26ddc-167e-4d36-af7d-3b0ab72830f0

পৰাগ কুমাৰ দাস