বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীক 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা' প্ৰদান....

বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ, অধ্যাপক উদয়াদিত্য ভৰালীক দেওবাৰে প্ৰদান কৰা হয় এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। বিশিষ্ট চিন্তাবিদগৰাকীৰ বাসগৃহতে আয়োজিক এক অনুষ্ঠানত

author-image
Asomiya Pratidin
New Update
new ap web পৰাগ কুমাৰ দাস

ডিজিটেল ডেস্কঃ বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ, অধ্যাপক উদয়াদিত্য ভৰালীক দেওবাৰে প্ৰদান কৰা হয় এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। বিশিষ্ট চিন্তাবিদগৰাকীৰ বাসগৃহতে আয়োজিক এক অনুষ্ঠানত প্ৰদান কৰা হয় এই বটাটি। এই বটা প্ৰদান অনুষ্ঠানটিত উপস্থিত থাকে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ প্ৰায় সকলো সদস্যৰ লগতে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাই।  উদয়াদিত্য ভৰালীক এই বটাটি প্ৰদান কৰে ড০ হীৰেন গোহাঁয়ে।

Advertisment

দীৰ্ঘদিন ধৰি শাৰিৰিক অসুস্থতাত ভুগি থকা উদয়াদিত্য ভৰালীয়ে এই বটাটি গ্ৰহণ কৰি আৱেগিক হৈ পৰে। বটা গ্ৰহণ কৰি তেও ৰখা বক্তব্যত পৰাগ কুমাৰ দাসৰ সংগ্ৰামী জীৱনৰ কথা আলোকপাত কৰে। কেনেকৈ বুধবাৰ আৰু অসমীয়া প্ৰতিদিনত তেওৰ লেখা বিচাৰি পৰাগ কুমাৰ দাসে তেওক জোৰ দিছিল এই কথাও মনত পেলায় বিশিষ্ট চিন্তাবিদগৰাকীয়ে।

আনফালে অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি বটা প্ৰদান কৰা ড০ হীৰেন গোহায়ে পৰাগ কুমাৰ দাসৰ বটাটিৰ বাবে যোগ্যজনক নিৰ্বাচিত কৰা হৈছে বুলি বক্তব্য ৰাখে। তেও কয় যে, পৰাগ কুমাৰ দাসৰ সেই সংগ্ৰামী সত্তা বৰ্তমানো আছে আৰু আগলৈও থকা উচিত। এই বটাটি প্ৰতিবছৰে প্ৰদান কৰি অহাৰ বাবে বিশিষ্ট চিন্তাবিদগৰাকীয়ে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰে। 

দিনৰ ১১.৩০বজাত অনুষ্ঠিত হোৱা এই বটা প্ৰদান অনুষ্ঠানটিৰ আত ধৰে অসমীয়া প্ৰতিদিন কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাই। অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ অন্যতম সদস্য মনোৰম গগৈয়ে। উক্ত অনুষ্ঠানটিত পৰাগ কুমাৰ দাসৰ সহধৰ্মিনী পূৰবী দাসৰ লগতে ছহিদ সাংবাদিকগৰাকীৰ জ্যেষ্ঠ ভগ্নী তথা কটনৰ প্ৰাক্তন অধ্যাপক ড০ জয়শ্ৰী বৰাও উপস্থিত থাকে।

পৰাগ কুমাৰ দাস