অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথকেন্দ্ৰিক প্ৰকল্পসমূহৰ পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ...

দুবছৰত সমগ্র অঞ্চলটোত ১,০০০ কোটি টকাৰ প্ৰকল্পৰ কাম চলিছে, ইতিমধ্যে ৩০০ কোটি টকাৰ প্ৰকল্পৰ কাম সম্পূর্ণ হৈছে আৰু প্ৰায় ৭০০ কোটি টকাৰ প্ৰকল্পৰ কাম ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ বিষয়াসকলক তেখেতে নির্দেশ দিয়ে।

author-image
Asomiya Pratidin
New Update
1sarbananda

ডিজিটেল সংবাদ,গুৱাহাটীঃ  অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অভ্যন্তৰীণ জলপথৰ দ্রুত ৰূপান্তৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে দূৰদৰ্শী দৃষ্টিভংগীৰে অগ্ৰসৰ হৈছে। আজি গুৱাহাটীস্থিত সামুদ্রিক দক্ষতা বিকাশ কেন্দ্রত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে উপস্থিত হৈ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধীনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা অভিলাষী প্রকল্পসমূহৰ বিস্তৃত পর্যালোচনা কৰে।

Advertisment

যোৱা দুবছৰত সমগ্র অঞ্চলটোত ১,০০০ কোটি টকাৰ প্ৰকল্পৰ কাম চলিছে, ইতিমধ্যে ৩০০ কোটি টকাৰ প্ৰকল্পৰ কাম সম্পূর্ণ হৈছে আৰু প্ৰায় ৭০০ কোটি টকাৰ প্ৰকল্পৰ কাম ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ বিষয়াসকলক তেখেতে নির্দেশ দিয়ে। তদুপৰি, অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অতিৰিক্ত ১,০০০ কোটি টকাৰ প্ৰকল্পৰ কামো শীঘ্ৰেই আৰম্ভ কৰা হ'ব বুলি সোণোৱালে অৱগত কৰে।

1

তেখেতে কয়, "মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অভ্যন্তৰীণ জল পৰিবহণ আৰু আনুষংগিক আন্তঃগাঁথনি খণ্ডত এক নতুন দিগন্তৰ সাক্ষী হৈছোঁ। এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত মোদী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীক সাৰোগত কৰি অভ্যন্তৰীণ জলপথ খণ্ডৰ সামগ্রিক শক্তি বৃদ্ধি, পুনৰুজ্জীৱিতকৰণ আৰু বর্ধিত বাণিজ্যিক সংযোগৰ পথ প্রশস্ত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।" 

আজি কেন্দ্রীয় মন্ত্রী সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ বিষয়াসকল, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, লোক নির্মাণ বিভাগ, আই পি আৰ চি এল আৰু কোচিন শ্বিপয়ার্ড লিমিটেডৰ বিষয়াসকল।

2

সোণোৱালে কয়, "প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আমাৰ ৰাজ্যখনৰ সমৃদ্ধ, বিশাল জলপথ প্রণালীয়ে অঞ্চলটোৰ বিকাশ আৰু প্ৰগতিৰ যাত্ৰাত অপৰিসীম সম্ভাৱনা উন্মুক্ত কৰিছে। অভ্যন্তৰীণ জলপথসমূহ পূৰ্বতে অৱহেলিত হৈ আছিল। দূৰদৰ্শী মোদী ডাঙৰীয়াই ২০১৪ চনৰ পৰা অভ্যন্তৰীণ জলপথ খণ্ডত বিশেষ গুৰুত্ব আৰোপেৰে দেশৰ সমগ্ৰ জলপথ প্ৰণালীক পুনৰুজ্জীৱিত কৰি তুলিছে।

লগতে কয় যে, অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২) আৰু বৰাক (ৰাষ্ট্ৰীয় জলপথ-১৬) কে ধৰি নদীপ্রণালীৰ সমৃদ্ধ নেটৱৰ্কৰ সৈতে অভ্যন্তৰীণ জলপথবোৰে বাণিজ্য আৰু অর্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। অভ্যন্তৰীণ জলপথবোৰ সামগ্ৰী আৰু যাত্রী পৰিবহণৰ ক্ষেত্ৰত কম ব্যয়সন্মত, দক্ষ আৰু পৰিৱেশ অনুকূল মাধ্যম হিচাপে পৰিগণিত হৈছে। 'জলবাহক'ৰ দৰে আঁচনি আৰম্ভ কৰি আমাৰ চৰকাৰে আমদানি-ৰপ্তানিক অভ্যন্তৰীণ জলপথলৈ স্থানান্তৰিত কৰিবলৈ উৎসাহিত কৰিছে, যাৰ ফলত অর্থনীতি উন্নত হৈছে, ৰে'লপথ আৰু পথৰ ভিৰ হ্ৰাস কৰা হৈছে।

3

মোদী ডাঙৰীয়াৰ বাবে উত্তৰ-পূর্বাঞ্চল সকলোতকৈ অগ্ৰাধিকাৰৰ অঞ্চল। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত ক্‌রুজ পৰ্যটনৰ সুবিধাৰ বাবে আৰু কাৰ্গ সঞ্চালন ক্ষমতা বৃদ্ধিৰ বাবে কেইবা কোটিৰ পুঁজি ধাৰ্য কৰা হৈছে। ইয়াৰ ভিতৰত আছে শিলঘাট, বিশ্বনাথঘাট, নিমাতীঘাট আৰু গুঁইজানত তীৰৰ সুবিধা থকা জেটি নিৰ্মাণৰ লগতে মার্চেন্টাইল মেৰিন বিভাগৰ আঞ্চলিক কার্যালয় ভৱন, অতিথিশালা আৰু গুৱাহাটীৰ ফাঁচী বজাৰত আইটিএটিৰ বাবে কার্যালয় নির্মাণ।

পাণ্ডুত জাহাজ মেৰামতি সুবিধা কেন্দ্ৰৰ বিকাশ কৰি থকা হৈছে। তদুপৰি জলপথত সুচল চলাচল বজাই ৰখাৰ বাবে আমাৰ চৰকাৰে ২০২৬-২৭ বর্ষলৈকে বাংলাদেশ সীমান্তৰ পৰা ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাটলৈ ২.৫ মিটাৰৰ ন্যূনতম গভীৰতা নিশ্চিত কৰিবলৈ খননৰ বাবে ভাৰতীয় ড্রেজিং কৰ্প'ৰেচন (ডিচিআই)ক দায়িত্ব অর্পণ কৰিছে। ইয়াৰ বাবে ১৯১ কোটি টকাৰ পৰিমাণ ধাৰ্য কৰা হৈছে"। 

তদুপৰি তেওঁ কয়, প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা অসমে লাভ কৰা অপৰিসীম সমর্থন, বলিষ্ঠ নেতৃত্ব আৰু সহযোগিতাৰ ফলত আমি অসম আৰু উত্তৰ-পূবৰ অর্থনীতিৰ সামগ্রিক বিকাশৰ যাত্ৰা সবল ৰূপত আগুৱাই নিব পাৰিছোঁ। আনুমানিক ৩১৫ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটী আৰু ধুবুৰীত ৱাটাৰ মেট্ৰ' সেৱাৰ বিকাশ কৰা হ'ব।

4

তদুপৰি কোচিন শ্বিপয়ার্ড লিমিটেড (চিএছএল) ৰ দ্বাৰা নিৰ্মাণ কৰা দুখন বৈদ্যুতিক কেটামাৰান মোতায়েন কৰা হ'ব। ১০০ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটীত এটা অত্যাধুনিক ক্‌রুজ টার্মিনেল নিৰ্মাণ কৰা হ'ব। তদুপৰি ডিব্রুগড়ত, আনুমানিক ১২০ কোটি টকাৰে আঞ্চলিক উৎকর্ষ কেন্দ্ৰ (আৰচিঅ'ই) নিৰ্মাণ কৰা হ'ব। ব্রহ্মপুত্রক কেন্দ্ৰ কৰি একাধিক স্থানত লাইটহাউচ নিৰ্মাণ কৰা হ'ব। ইয়াৰ উপৰিও, পাণ্ডু আৰু বগীবিলৰ মাজত ২.৫ মিটাৰৰ ন্যূনতম গভীৰতা বজাই ৰখাৰ বাবে ১৫০ কোটি টকাৰ পৰিমাণ ধাৰ্য কৰা হৈছে।

ব্ৰহ্মপুত্ৰৰ বাবে দুটা কাটাৰ ছেক্সন ড্ৰেজাৰ গোটও ক্ৰয় কৰা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় জলপথত পৰিবহণৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে এতিয়া ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকেন্দ্ৰিক ১,০১০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰি আছে।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে নগালেণ্ডৰ ডায়াং হ্রদত প্ৰস্তাৱিত অভ্যন্তৰীণ জল পৰিবহণ (আই ডব্লিউ টি) প্ৰকল্পৰ অগ্রগতিও পর্যালোচনা কৰে। লগতে জল ক্রীড়া আৰু পৰ্যটনৰ বাবে নগালেণ্ডৰ নৌনে আৰু শ্বিলয় হ্ৰদৰ সুযোগ-সম্ভাৱনাৰ মূল্যায়ন কৰে।

5

মিজোৰামৰ টিয়াং আৰু চিমটুইপুই নদীৰ লগতে মেঘালয়ৰ উমিয়াম হ্রদ আৰু উমগট নদীৰ সন্দর্ভত আই ডব্লিউ টি উন্নয়নৰ সম্ভাব্যতা অধ্যয়নৰো পৰ্যালোচনা কৰা হৈছিল। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে সামুদ্রিক খণ্ডত অসম আৰু উত্তৰ-পূবৰ যুৱক-যুৱতীসকলৰ বাবে দক্ষতা বিকাশ আৰু উদ্যোগ কেন্দ্ৰিক সংস্থাপনৰ পদক্ষেপ বৃদ্ধি কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে।

গুৱাহাটীৰ মেৰিটাইম স্কিল ডেভেলপমেন্ট চেণ্টাৰ আৰু ডিব্ৰুগড়ৰ চেণ্টাৰ অৱ এক্সেলেন্স ফৰ ইনলেণ্ড ৱাটাৰ ট্রেন্সপ'ৰ্টৰ দৰে প্ৰতিষ্ঠানৰ নিৰ্মাণৰ জৰিয়তে অভ্যন্তৰীণ জল পৰিবহণ আৰু সামুদ্রিক খণ্ডৰ বাবে সজ্জিত ভৱিষ্যতৰ বাবে যুৱক-যুৱতীসকলক প্রশিক্ষণ দিয়া হৈছে বুলি সোণোৱালে উল্লেখ কৰে। লগতে কয় যে, এই প্রচেষ্টাসমূহে আমাৰ যুৱক-যুৱতীসকলৰ মাজত লজিষ্টিক, কার্গ হেণ্ডলিং, জাহাজ পৰিচালনা আৰু বিভিন্ন ক্ষেত্ৰৰ দক্ষতাৰ সবলীকৰণ কৰিব।

সৰ্বানন্দ সোণোৱাল