/asomiyapratidin/media/media_files/2025/05/18/GstkiBYu2lr8ECh1X3i6.jpg)
চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে ‘দৰাবিল গো–চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতি’ৰ ৰাইজমেল
ডিজিটেল সংবাদ, গুৱাহাটী : দক্ষিণ কামৰূপৰ এখন ঐতিহ্যমণ্ডিত আৰ্দ্ৰভূমি দৰাবিল। দৰাবিল পলাশবাৰী ৰাজহ চক্ৰৰ ৰামপুৰত অৱস্থিত। দক্ষিণ কামৰূপৰ প্ৰকৃতিৰ অন্যতম আকৰ স্বৰূপ দৰাবিল।
এই বিলখন বিভিন্ন প্ৰজাতিৰ মাছ, সৰীসৃপ, চৰাই–চিৰিকটিৰ আৱাসস্থল। তদুপৰি কৃষিজীৱি, পশুপালক, মৎস্যজীৱি, মৃৎ শিল্পীসকল দৰাবিলৰ ওপৰতেই নিৰ্ভৰশীল।
উল্লখনীয় যে দৰাবিল আৰ্দ্ৰভূমি সংলগ্ন গো–চৰণীয়া পথাৰৰ ১৫০ বিঘা ভূমি অসম চৰকাৰে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ জৰিয়তে কলিকতাৰ এটা ব্যক্তিগত ল’জিষ্টিক কোম্পানীৰ হাতত গতাব বিচাৰিছে। দৰাবিলত ল’জিষ্টিক কোম্পানী স্থাপন হ’লে বিলখনৰ জৈৱ–বৈচিত্ৰত বিৰূপ প্ৰভাৱ পৰাই নহয় অঞ্চলটোৰ স্বাভাৱিক জীৱন–যাত্ৰাত বিভিন্ন ধৰণৰ ভাবুকি আহি পৰিব।
/asomiyapratidin/media/media_files/2025/05/18/IIqmhVY5Fu0O59AZ1o5e.jpg)
বৃহত্তৰ ৰামপুৰ এক জনবহুল এলেকা। চৌদিশ জনসংখ্যাৰে ভৰপূৰ হৈ থকা এটি ব্যস্ত অঞ্চলত ল’জিষ্টিক কোম্পানী স্থাপন হ’লে বিপদ যে কঢ়িয়াই আনিব সেয়া এশ শতাংশই নিশ্চিত।
দক্ষিণ কামৰূপত গঢ়ি উঠা বিভিন্ন কল–কাৰখানাই ইতিমধ্যে অঞ্চলটোৰ জলবায়ু প্ৰদূষিত কৰি তুলি জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছেই। তেনেক্ষেত্ৰত অসম চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে দক্ষিণ কামৰূপৰ ৰাইজ জাগৃত হৈ উঠিছে।
/asomiyapratidin/media/media_files/2025/05/18/EtZmMKYimR6MuDXdFN9G.jpg)
প্ৰকৃতিৰ ওপৰত ভাবুকি সৃষ্টি কৰা কোম্পানী দক্ষিণ কামৰূপৰ ৰাইজে দৰাবিলত কেতিয়াও স্থাপন হ’বলৈ নিদিয়ে। জনজীৱনৰ প্ৰতি ভাবুকি স্বৰূপ কোনো কোম্পানী দৰাবিলত ভৱিষ্যতেও স্থাপন হ’বলৈ নিদিয়াৰ সংকল্প লৈছে। তাৰ কাৰণে যি ধৰণে সংগ্ৰাম কৰিব লাগে সেই সংগ্ৰামৰ বাবে সাজু হৈ উঠিছে দক্ষিণ কামৰূপৰ ৰাইজ।
এই সন্দৰ্ভত আজি ৰামপুৰ মহাবিষ্ঞু যজ্ঞধৰ্ম সংঘৰ সভাঘৰত ‘দৰাবিল গো–চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতি’ৰ এক ৰাইজমেল অনুষ্ঠিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us