ৰাজগড়ৰ পৰাগ দাসৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানঃ আত্মীয়, সংগ্ৰামী সতীৰ্থৰ অংশগ্ৰহণ...

নিৰ্ভীক, ছহিদ সাংবাদিক, মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱস উপলক্ষে আজি পুৱা ৰাজগড়স্থিত তেওঁৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
ৰাজগড়ৰ পৰাগ দাসৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানঃ আত্মীয়, সংগ্ৰামী সতীৰ্থৰ অংশগ্ৰহণ...

ডিজিটেল ডেস্কঃ নিৰ্ভীক, ছহিদ সাংবাদিক, মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱস উপলক্ষে আজি পুৱা ৯:৩০ বজাত ৰাজগড়স্থিত তেওঁৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মানৱ অধিকাৰ সংগ্ৰাম সমিতি (MASS) ৰ উদ্যোগত বিগত বৰ্ষৰ দৰেই এইবাৰো মানৱ অধিকাৰ কৰ্মীগৰাকীৰ মৃত্যু দিৱসৰ দিনটোত ছহিদ দিৱস পালন কৰি ৰাজগড়স্থিত ছহিদ বেদী প্ৰাংগণত শ্ৰদ্ধাঞ্জলি জনাই তেওঁক স্মৰণ কৰে।

Advertisment

ৰাজগড়ৰ পৰাগ দাসৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানঃ আত্মীয়, সংগ্ৰামী সতীৰ্থৰ অংশগ্ৰহণ...

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ছহিদ সাংবাদিকগৰাকীৰ জ্যেষ্ঠ ভগ্নী তথা কটনৰ প্ৰাক্তন অধ্যাপক ড০ জয়শ্ৰী বৰা, পৰাগ দাসৰ দাসৰ দুই ভাতৃ ডাঃ জুতি দাস, অভিযন্তা পল্লৱ দাস, ডাঃ পাপৰি দাসকে ধৰি একাংশ আত্মীয়ৰ লগতে সাংবাদিক, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, মনোৰম গগৈকে ধৰি মাছৰ বিষয়ববীয়া আৰু বহু সংবাদকৰ্মী উপস্থিত থাকে।

ৰাজগড়ৰ পৰাগ দাসৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানঃ আত্মীয়, সংগ্ৰামী সতীৰ্থৰ অংশগ্ৰহণ...

অনুষ্ঠানত সাংবাদিক, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই পৰাগ দালসৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বৰ্তমানৰ পৰিস্থিতিত পৰাগ কুমাৰ দাসৰ চিন্তাৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰি নতুন প্ৰজন্মই পৰাগ দাসৰ বিভিন্ন লেখনিৰ মাজেৰে তেওঁক নতুনকৈ সন্ধান কৰাৰ কথাও উল্লেখ কৰে।

ইফালে মাছৰ নেতা লাচিত বৰদলৈয়ে কয়, জনসাধাৰণৰ কথা কোৱা লোকক দিন দুপৰতে হত্যা কৰাৰ পিছতো যেতিয়া আমি দেখিলো যে চৰকাৰ, প্ৰশাসনে হত্যাকাৰীক ৰক্ষণা বেক্ষণ দিয়াৰহে চেষ্টা কৰিলে। তেতিয়াই অসমত এক কলা অধ্যায় সংযোজিত হল। আনকি চি বি আইৰ দৰে তদন্তকাৰী সংস্থাই হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰে বুলি কৈ হত্যাকাৰীক দোষী সাব্যস্ত কৰিব নোৱাৰে বুলি কবলগীয়া এক পৰিস্থিতিৰো সূচনা হল, ন্যায়ালয়েও তেওঁলোকক শাস্তি প্ৰদান নকৰিলে। গতিকে মই ভাবো অসমৰ ইতিহাসৰ এয়া এক কলংকিত অধ্যায়। আমি সকলোৱে জানো হত্যাকাৰী কোন আছিল। ইতিমধ্যে নিয়তিয়ে প্ৰাকৃতিকভাৱে তেওঁলোকক শাস্তি প্ৰদান কৰিছে। তথাপিও প্ৰশাসন, ন্যায় ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যৰ্থ হল। 

ইফালে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ স্মৰণৰ সন্দৰ্ভত তেওঁ কয়, আমাৰ আশংকা হয় এইবাৰ সতী ৰাধিকা দিৱস কলকাতাৰ অসম ভৱনত অনুষ্ঠিত হৈছে চৰকাৰী পৃষ্ঠপোষকতাত। লাচিত বৰফুকন গৈ ডিফেন্স একাডেমীত নিৰ্মিত প্ৰতিমূৰ্তি হৈছে। শংকৰদেৱক বিশ্ব দৰবৰাত প্ৰতিষ্ঠাত বিৰামহীন প্ৰচেষ্টা চলিছে। কিন্তু শংকৰদেৱৰ দৰ্শন, আদৰ্শ, সু-সংহত শৃংখলিত আৰু বৰ্ণ বৈষম্য তথা ভেদাভেদহীন সমাজ গঠনৰ যি সপোন, সেই সপোন লাহে লাহে মষিমূৰ হৈছে।

আন্তৰ্জাতিক নাৰী দিৱস, আন্তৰ্জাতিক মাতৃ দিৱস, ধৰিত্ৰী দিৱস হৈছে এই সকলো উতসৱত পৰিণত হৈছে। লাহে লাহে হয়তো আৰু পাঁচ বছৰৰ পিছত পৰাগ দাসৰ স্মৰণ দিৱসো চৰকাৰী ভাৱে উদযাপিত এক উসৱত পৰিণত হবগৈ পাৰে। কিয়নো পৰাগ দাসৰ যিসকল অনুগামী আছিল সেয়া সংবাদ ক্ষেত্ৰৰে হওঁক, সংগ্ৰাম ক্ষেত্ৰৰে হওঁক, মানৱ অধিকাৰ আন্দোলনৰ ক্ষেত্ৰৰে হওঁক  অথবা পৰিবেশৰ ক্ষেত্ৰৰে হওঁক সকলোৱেই লাহে লাহে তেওঁৰ আদৰ্শ, দৰ্শনৰ পৰা আঁতৰি পৰিছে আৰু পৰাগ দাসক এটা দিনতেই স্মৰণ কৰাতেই নিজৰ কৰ্তব্য আৰু দায়িত্ব শেষ কৰিছে।

ৰাজগড়ৰ পৰাগ দাসৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানঃ আত্মীয়, সংগ্ৰামী সতীৰ্থৰ অংশগ্ৰহণ...

আনহাতে মুক্ত কণ্ঠৰ প্ৰসংগ উল্লেখ কৰি তেওঁ বৰ্তমানৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সময়ত কিদৰে মানুহৰ কণ্ঠ সামাজিক মাধ্যমতো ৰোধ কৰাৰ চেষ্টা চলিছে সেই সন্দৰ্ভতো উদ্বেগ প্ৰকাশ কৰে। নতুন চামে পৰাগ কুমাৰ দাসৰ চিন্তা আৰু দৰ্শনক নতুনকৈ বিচাৰ, বিশ্লেষণ কৰি সামাজিক মাধ্যমত সক্ৰিয় হৈছে যদিও লাহে লাহে তাৰ পৰাও বাক স্বাধীনতা হ্ৰাস পোৱাত এই চামো অন্তৰ্ধান হব নেকি বুলিও আশংকা ব্যক্ত কৰে।

 উল্লেখ্য যে, মাছে জ্যোতিনগৰস্থিত কেন্দ্ৰীয় কাৰ্যালয়তো মানৱ অধিকাৰ কৰ্মীগৰাকীৰ  প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰিও গুৱাহাটী প্ৰেছ ক্লাবতো দিনৰ ১১ বজাৰ পৰা পৰাগ স্মৰণ সভাৰ আয়োজন কৰিছে।

পৰাগ দাস