গুৱাহাটী

বড়ো মাধ্যমৰ সমস্যা সন্দৰ্ভত এবছু, বড়ো সাহিত্য সভাই বড়ো মন্ত্ৰী আৰু বিধায়ক সকলৰ সৈতে আলোচনা

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটী : বড়ো মাধ্যমৰ সমস্যা সন্দৰ্ভত এবছু, বড়ো সাহিত্য সভাই বড়ো মন্ত্ৰী আৰু বিধায়ক সকলৰ সৈতে শুক্ৰবাৰে খানাপাৰাত থকা বড়োলেণ্ড অতিথি শালাত আলোচনা কৰে ।

বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনাত বিতংভাৱে আলোচনা কৰি অসম চৰকাৰে বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰদান আৰু ইংৰাজী ভাষাত পাঠদান কাৰ্যক বন্ধ কৰিবৰ কাৰণে এবছু, বড়ো সাহিত্য সভা, সদৌ অসম বড়ো প্ৰাথমিক শিক্ষক সন্থা আৰু দুলাৰাই বড়ো হাৰিমু আফাদৰ আহ্বান মৰ্মে বড়ো মন্ত্ৰী আৰু বিধায়ক সকলে অসমৰ শিক্ষা মন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।

উক্ত আলোচনাত এবছুৰ পৰা সভাপতি দ্বিপেন বড়ো, উপ সভাপতি খোৰোমদাও ৱাৰী, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, সম্পাদক আনন্দ দৈমাৰী, অধ্যক্ষ অবিত নাৰ্জাৰী, ক্ৰীড়া সম্পাদক গনেশ বসুমতাৰী, জনসংযোগ সম্পাদক বিৰখাং নাৰ্জাৰী আৰু শিক্ষা সম্পাদক সৌমাওছাৰ বসুমতাৰী সকলে অংশগ্ৰহণ কৰে। ইফালে বড়ো সাহিত্য সভাৰ পৰা সভাপতি ড০ সুৰথ নাৰ্জাৰী, উপ সভাপতি প্ৰশান্ত বড়ো, সীতাৰাম বসুমতাৰী , নিলিমা বসুমতাৰী, সাধাৰণ সম্পাদক নিলকান্ত গয়াৰী, সম্পাদক বিনয় কুমাৰ নাৰ্জাৰী, সহেন্দ্ৰনাথ বসুমতাৰী, সোৰজিলা ৱাৰী আৰু Finance সম্পাদক সতীষ ব্ৰহ্ম সকলে অংশগ্ৰহণ কৰে।

সদৌ অসম বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ পৰা সভাপতি মোদন স্বৰ্গীয়াৰী, সাধাৰণ সম্পাদক থানেশ্বৰ ব্ৰহ্ম আৰু সম্পাদক সুসিল বসুমতাৰী সকলে অংশগ্ৰহণ কৰে।আলোচনাত দুলাৰাই বড়ো হাৰিমু আফাদৰ পৰা সভাপতি জগেশ্বৰ ব্ৰহ্ম আৰু সাংগঠনিক সম্পাদক স্বপন কুমাৰ নাৰ্জাৰী সকলে অংশ গ্ৰহণ কৰে। আলোচনাত অসমৰ কেবিনেট মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্ম, বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, বিধায়ক লৰেঞ্চ ইচলাৰী, বিধায়ক জয়ন্ত বসুমতাৰী, বিধায়ক জলেন দৈমাৰী আদিয়ে অংশগ্ৰহণ কৰে।