মিছা খবৰ! অৰ্ণৱ গোস্বামী-অমিত মালভিয়াৰ বিৰুদ্ধে জামিনবিহীন গোচৰ...

গান্ধী পৰিয়ালে বাৰে বাৰে জাতীয় স্বাৰ্থৰ লগত আপোচ কৰা বুলি উল্লেখ কৰি কংগ্ৰেছৰ তুৰস্কৰ সৈতে মিত্ৰতা থকা বুলি উদ্বেগ প্ৰকাশ কৰিছিল গোস্বামীয়ে। ইয়াক জাতীয় অখণ্ডতাৰ বিষয় বুলিও অভিহিত কৰিছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
rrr

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ কৰি বিপদত পৰিছে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী আৰু বিজেপি আই টি চেলৰ মুৰব্বী অমিত মালভিয়া। মঙলবাৰে অমিত মালভিয়া আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে কংগ্ৰেছে।

Advertisment

ভাৰতীয় যুৱ কংগ্ৰেছৰ আইনী কোষৰ মুৰব্বী শ্ৰীকান্ত স্বৰূপ বি এনৰ এজাহাৰৰ ভিত্তিত বাংগালুৰৰ হাই গ্ৰাউণ্ড থানাত এই গোচৰটো ৰুজু কৰা হৈছে। দুয়োগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৯২ আৰু ৩৫২ ধাৰাত জামিনবিহীন গোচৰ ৰুজু কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ১৫ মে’ত ৰিপাব্লিক টিভিৰ প্ৰাইম টাইম শ্ব’ত ৰিপাব্লিকৰ মুখ্য সম্পাদক তথা অনুষ্ঠানটোৰ আয়োজক অৰ্ণৱ গোস্বামীয়ে দাবী কৰিছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ তুৰস্কত পঞ্জীয়নভুক্ত কাৰ্যালয় আছে। ছেগমেণ্টটোত তেওঁ ইস্তানবুল কংগ্ৰেছ চেণ্টাৰৰ এখন ছবি দেখুৱাইছিল, ইয়াক পঞ্জীয়নভুক্ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যালয় বুলি উল্লেখ কৰিছিল অৰ্ণৱ গোস্বামীয়ে।

লগতে গান্ধী পৰিয়ালে বাৰে বাৰে জাতীয় স্বাৰ্থৰ লগত আপোচ কৰা বুলি উল্লেখ কৰি কংগ্ৰেছৰ তুৰস্কৰ সৈতে মিত্ৰতা থকা বুলি উদ্বেগ প্ৰকাশ কৰিছিল গোস্বামীয়ে। ইয়াক জাতীয় অখণ্ডতাৰ বিষয় বুলিও অভিহিত কৰিছিল।

সমান্তৰালকৈ বিজেপিৰ আই টি কোষৰ মুৰব্বী অমিত মালভিয়াই ১৭ মে’ত ৰিপাব্লিক টিভিৰ উক্ত ছেগমেণ্টটো শ্বেয়াৰ কৰি ৰাহুল গান্ধীক উদ্দ্যেশি প্ৰশ্ন কৰিছিল। ইয়াৰোপৰি মঙলবাৰে মালভিয়াই ৰাহুল গান্ধীক পাকিস্তানৰ সামৰিক নেতৃত্বৰ সৈতে তুলনা কৰি ভাৰতৰ সামৰিক বাহিনীক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। 

এই অভিযোগৰ পাছতে কংগ্ৰেছৰ আই টি কোষে নিজ এক্স হেণ্ডেলত উল্লেখ কৰে যে, এয়া অশান্তি সৃষ্টি কৰা, ৰাষ্ট্ৰীয় নিৰাপত্তাক ভেঙুচালি কৰা আৰু গণতন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণৰ এক প্ৰচেষ্টা। এই ক্ষেত্ৰত আমি মৌন নাথাকো। এইটো এটা স্পষ্ট বাৰ্তা হওঁক, আমাৰ দল বা ইয়াৰ নেতৃত্বৰ বিৰুদ্ধে ভুৱা বাতৰি বিয়পোৱা সকলে দৃঢ় আইনী আৰু ৰাজনৈতিক সঁহাৰিৰ সন্মুখীন হ’ব। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন, কংগ্ৰেছৰ কাৰ্যালয় বুলি কোৱা অট্টালিকাটোৰ ছবিখন আচলতে তুৰস্কৰ এটা পৌৰসভাৰ সংস্থাৰ সম্পত্তি ইস্তানবুল কনভেনচন চেণ্টাৰ। কংগ্ৰেছ দলৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। 

শেহতীয়াকৈ পাকিস্তানৰ সৈতে হোৱা সংঘাতৰ পিছত ভাৰতত তুৰস্ক বৰ্জনৰ চৰ্চা বৃদ্ধি পাইছে। তাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগ অতি স্পৰ্শকাতৰ।

 

কংগ্ৰেছ তুৰস্ক