আৰু ৩দিনপৰ্যন্ত ডাৱৰীয়া হৈ থাকিব গুৱাহাটীৰ আকাশ : ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

অসমৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সময়তে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰদান কৰিছে আগজাননী। অনাগত দুই- তিনিদিনপৰ্যন্ত ডাৱৰীয়া হৈ থাকিব গুৱাহাটীসহ ৰাজ্যৰ ভিন্ন স্থান।

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

ডিজিটেল ডেস্ক : অসমৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সময়তে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰদান কৰিছে আগজাননী। অনাগত দুই- তিনিদিনপৰ্যন্ত ডাৱৰীয়া হৈ থাকিব গুৱাহাটীসহ ৰাজ্যৰ ভিন্ন স্থান।

Advertisment

কেন্দ্ৰৰ আগলী বতৰা অনুসৰি এই দুই- তিনিদিনত গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ লগতে ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰবল। একেদৰে ৰাজ্যৰ কেইবাটাও স্থানত ধাৰাসাৰ বৰষুণৰ উপৰি শিলাবৃষ্টি অহাৰ সম্ভাৱনা থকা বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই জনায়।

উল্লেখযোগ্য যে, অসমৰ পশ্চিম আৰু দক্ষিণ অংশত অতিবৃষ্টি হোৱাৰো আছে সম্ভাৱনা। গতিকে প্ৰশাসনৰ তৰফৰ পৰা সৰ্বসাধাৰণ ৰাইজক এই সময়ছোৱাত সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ