/asomiyapratidin/media/media_files/2025/05/21/QdJer2Alyn1RQ3grWUrM.jpg)
ডিজিটেল ডেস্ক : অপেক্ষা এতিয়া ২০৩০ লৈ। ২০৩০ চনৰ ভিতৰত ভাৰতৰ প্ৰতিটো ঘৰ, প্ৰতিটো কাৰখানা, প্ৰতিটো হেণ্ডহেল্ড ডিভাইচ কয়লা বা গেছৰ দ্বাৰা নহয়, বৰঞ্চ সূৰ্যৰ পোহৰত চলিব। নতুন তাপ উদ্যোগ নহয়, নতুন গেছ লাইন নহয় মাত্ৰ আকাশৰ পৰা অহা সৌৰশক্তি, আমাৰ উপকূলত বলা বতাহেৰে চলিব সকলো।
এয়া কল্পনা নহয়। শক্তিৰ স্বাধীনতা, অৰ্থনৈতিক সুৰক্ষা আৰু সুস্থ পৰিৱেশতন্ত্ৰ বাবে ই এক ব্লুপ্ৰিণ্ট। ভাৰতে সেয়া সম্ভৱ কৰি তোলাৰ লক্ষ্যৰে আগবঢ়িছে। সেই কাম সম্ভৱ কৰি সৌৰশক্তিয়ে।
আন শক্তিৰ উৎসতকৈ ই হ’ব কম ব্যয়বহুল। ইয়াৰ বাবে লাগিব আন্তঃগাঁথনি। এই সৌৰশক্তি লাভ আৰু উপযুক্ত ব্যৱহাৰ কৰিবলৈ সৌৰ পেনেলৰ লগতে আৰু কিছুমান সামগ্ৰীৰো প্ৰয়োজন হ’ব। যেনে- ইনভাৰ্টাৰ, তাঁৰ সংযোগ, বেটাৰী ইত্যাদি।
এতিয়াও ৰাজসাহায্যযুক্ত কয়লা শক্তিৰ ওপৰত নিৰ্ভৰশীল বহু গ্ৰাম্য পৰিয়াল। কৃষকসকলৰ বাবেও এই পৰিৱৰ্তনকামী শক্তিৰ উৎস আশাব্যঞ্জক হ’ব। দীৰ্ঘম্যাদী আঁচনিৰে ভাৰত চৰকাৰে এই ব্যৱস্থাক অধিক গণমুখী কৰি তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।
যাৰ ফলত চৰকাৰে মোবাইল চিমৰ দৰে সৌৰশক্তি গ্ৰহণৰ বিভিন্ন পদক্ষেপক মানুহৰ মাজলৈ লৈ গ’লে সেয়া বাস্তৱত পৰিণত হ’ব। ইতিমধ্যে দ্ৰুত ইনষ্টল আৰু চৰকাৰী সমৰ্থিত ব্যৱস্থাই সৌৰশক্তিৰ ব্যৱহাৰ লক্ষ্যণীয়ভাৱে বৃদ্ধি কৰিছে।