/asomiyapratidin/media/media_files/2025/05/20/wrPd2m4ZMCutgG94URbI.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান এক বহু পুৰণি সমস্যা। বছৰ বছৰ ধৰি এই সমস্যাৰে যুঁজ দি আহিছে মহানাগৰিকে। বাৰিষাকালত গুৱাহাটী মহানগৰীৰ কেতবোৰ অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানে জীয়াতু ভুগাই আহিছে ইয়াৰে বাসিন্দাসকলক।
তাৰোপৰি ভুক্তভোগী ৰাইজে বিভিন্ন সময়ত কৃত্ৰিম বান ৰোধ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনাই আহিছে। ইয়াৰ লগতে মহানাগৰিকে প্ৰতিবাদপৰ্যন্ত কৰিব লগা হৈ আহিছে।
প্ৰণিধানযোগ্য যে, চৰকাৰেও কৃত্ৰিম বান ৰোধ কৰাৰ বাবে প্ৰতিবাৰেই বিভিন্ন ধৰণৰ পৰিকাঠামো প্ৰস্তুত কৰি বান ৰোধৰ চেষ্টা চলাই আহিছে যদিও আজিপৰ্যন্ত সফল হ’ব পৰা নাই। মনকৰিবলগীয়া যে, অসম চৰকাৰে শেহতীয়াকৈ কৃত্ৰিম বান ৰোধৰ অংশ হিচাপে ২০ মে’ ২০২৫ মঙলবাৰে মহানগৰীৰ শিলসাঁকোত পুনৰ চলাই এক উচ্ছেদ অভিযান।
উল্লেখযোগ্য যে, কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়া- আমোলাৰ উপস্থিতিত চলাই এই উচ্ছেদ অভিযান। এই সম্পৰ্কত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে যে, বৃহত্তৰ শিলসাঁকোৰ এলেকাৰ আশা- পাশে থকা কো- অপাৰটিভ বেংক, জিঞ্জাৰ হোটেল, আই এইছ এম আৰু বহু পুৰণি শৈক্ষিক প্ৰতিষ্ঠান অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠানকে ধৰি কেইবাটাও প্ৰতিষ্ঠান ভাঙি পেলোৱা হ’ব।
ইতিমধ্যে এই অভিযানৰ সময়ছোৱাতে প্ৰথমটো কোব পৰে ঐতিহ্যমণ্ডিত অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠানত। বুলডেজাৰেৰে খহাই দিয়া হয় বহু পুৰণি প্ৰতিষ্ঠানখনৰ কেইবাটাও অংশ।
লক্ষ্যণীয় কথা এই যে, কৃত্ৰিম বান ৰোধৰ বাবে চলা এই অভিযানত প্ৰথমে জিঞ্জাৰ হোটেলত পৰিব লাগিছিল হাতুৰীৰ কোব, বুলডেজাৰেৰে খহাই দিব লাগিছিল জিঞ্জাৰৰ দেৱাল। কিয়নো শাসনাধিষ্ঠিত চৰকাৰখনে পূৰ্বেই জনাইছিল যে, যেতিয়াই শিলসাঁকোত উচ্ছেদ অভিযান চলিব, তেতিয়া প্ৰথমে জিঞ্জাৰ হোটেলত উচ্ছেদ চলোৱা হ’ব।
কাৰ্যতঃ আজিৰ এই অভিযানত এই কথা সঁচা হ’ল জানো ? অৱশ্যে মন্ত্ৰীগৰাকীয়েও এই কথাও কয় যে, আজিৰ পৰা চলা এই উচ্ছেদ অভিযানৰ মাজতে পৰৱৰ্তী সময়ত জিঞ্জাৰ হোটেলতো উচ্ছেদ চলোৱা হ’ব, কিন্তু পূৰ্বৰ দৰে এই মন্তব্যত সহজে পতিয়ন যাব পৰা নাই সচেতন মহল।
এইখিনিতে এটা কথা উল্লেখ কৰা অতি প্ৰয়োজন যে, জিঞ্জাৰ হোটেলক লৈ সময়ে সময়ে উঠি আহিছে নানা অভিযোগ। কেৱল ইমানেই নহয় হোটলখনত প্ৰায়ে সংঘটিত হৈ অহা অনৈতিক কাৰ্যকলাপ আদিৰ সম্পৰ্কতো বাতৰি সবিস্তাৰে প্ৰকাশ হৈ আহিছে।
তাৰ পাছতো জিঞ্জাৰ হোটেলৰ প্ৰতি চৰকাৰৰ ইমান দৰদ সেই কথা এতিয়া বিচাৰ্য বিষয় হৈ পৰিছে। পূৰ্বৰ কংগ্ৰেছ আৰু এতিয়াৰ বিজেপি; কোনো এখন চৰকাৰেই আজিপৰ্যন্ত হোটেলখনত চলাব পৰা নাই উচ্ছেদ।
ৰাইজৰ মাজত চৰ্চা চলা মতে, জিঞ্জাৰ হোটেলৰ ওচৰতে আছে ৰাজ্যৰ এগৰাকী অতি প্ৰভাৱশালী নেতাৰ মাটি। কংগ্ৰেছৰ দিনৰ পৰাই এই নেতাগৰাকীৰ প্ৰভাৱ অক্ষুন্ন থকাৰ হেতু আজি এই পৰ্যন্ত জিঞ্জাৰ হোটেলত পৰা নাই হাতুৰীৰ কোব এটাও ! এই কথা এতিয়া ৰাইজৰ মাজতে চৰ্চিত হ’বলৈ ধৰিছে। কোন শক্তিয়ে বাৰে বাৰে জিঞ্জাৰ হোটেলক উচ্ছেদৰ পৰা বচাই আছে সেই কথা এতিয়া ৰহস্যৰ আৱৰ্তত।
উল্লেখযোগ্য যে, উচ্ছেদ অভিযানৰ আগেয়ে চৰকাৰৰ ফালৰ পৰা উচ্ছেদ চলাব লগা প্ৰতিষ্ঠানসমূহক জাননী প্ৰেৰণ কৰা হয়। সেই জাননী অনুসৰি পাছত নিৰ্দিষ্ট স্থানত উচ্ছেদ চলোৱা হয়। কিন্তু আজি যি অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন প্ৰতিষ্ঠানখনত প্ৰথমেই উচ্ছেদ চলোৱা হ’ল, এই প্ৰতিষ্ঠানখনত পৰ্যাপ্ত সময় দিয়া হৈছিল নে সেয়াও এক প্ৰশ্ন হৈ ধৰা দিছে এতিয়া। কিয়নো এই ঐতিহ্যপূৰ্ণ প্ৰতিষ্ঠানখনে স্থানান্তৰ কৰিবলৈ নৌপাওতেই প্ৰতিষ্ঠানখনত প্ৰথমে চলে উচ্ছেদ অভিযান।
ইয়াৰ মাজতে মেয়ৰ মৃগেন শৰণীয়াৰ ভূমিকাক লৈও প্ৰশ্ন কৰিছে সচেতন লোকসকলে। কেৱল মাত্ৰ টিভিৰ পৰ্দাত অময়া মাতেৰে মন্তব্য দি থকাটোৱে এগৰাকী পৌৰপতিৰ ভূমিকা নেকি ? দুটাকৈ কাৰ্যকালত তেওঁৰ ভূমিকা যে একাবাৰে শূণ্য সেই কথা তেওঁৰ কামে-কাজে স্পষ্ট হৈ পৰিছে।
ইফালে এনে সময়তে আজিৰ দিনটোত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। মন্ত্ৰীগৰাকীয়ে মটৰচাইকেলেৰ বেলতলা, ছয়মাইল এলেকা, চাৰ্ভ আদিত সৃষ্টি হোৱা কৃত্ৰিম বানৰ পৰিস্থিতিৰ বুজ লয়। আগেয়ে কোনো মন্ত্ৰীয়ে এনেধৰণে বান পৰ্যবেক্ষণ কৰাৰ নজিৰ নাই। সেয়ে তেওঁৰ এই অভিনৱ পদক্ষেপৰ শলাগ লয় বানাক্ৰান্ত ৰাইজৰ লগতে সচেতন মহলে।