অলিম্পিকলৈ যাবনে ক্ৰিকেট ? বি চি চি আইএ এতিয়া অন্তিম ভৰষা...

অলিম্পিকলৈ যাবনে ক্ৰিকেট ? বি চি চি আইএ এতিয়া অন্তিম ভৰষা...

ডিজিটেল ডেস্ক : ২০২৮ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্তিৰ চেষ্টা অব্যাহত ৰাখিছে আন্তৰ্জাতিক ক্ৰিকেট সংস্থাই । বিশ্বব্যাপি ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ স্বাৰ্থতে আই চি চিয়ে ফুটবল প্ৰধান ব্ৰাজিল, স্পেইনৰ দৰে দেশতো সম্প্ৰতি ক্ৰিকেট আৰম্ভ কৰিছে । এইবাৰ ক্ৰিকেটক বৃহৎ আকাৰত বিস্তাৰ কৰিবলৈ আই চি চিয়ে লক্ষ্য কৰি লৈছে অলিম্পিকক । বিগত কমনৱেলথ গেমছত মহিলা ক্ৰিকেট অন্তৰ্ভুক্তিত ভাৰত কিছু পৰিমাণে সফলো হৈছে । অৱশ্যে অলিম্পিক কমিটিক ৰাজী কৰাত আই চি চি এতিয়াও ব্যৰ্থ । অৱশ্যে চেষ্টাৰ ক্ৰুটি ৰখা হোৱা নাই এই প্ৰচেষ্টাত । সম্প্ৰতি অলিম্পিক কমিটিলৈ প্ৰেৰণ কৰা আবেদনত ক্ৰিকেটৰ আৰ্থিক দিশটো তুলি ধৰা হৈছে । উদাহৰণ হিচাপে দেখুওৱা হৈছে ভাৰতক ।

যদিহে অলিম্পিকত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰা হয় তেন্তে অলিম্পিক কমিটিয়ে ভাৰতীয় মিডিয়া স্বত্বৰ ২৬০ মিলিয়ন ডলাৰ পৰ্যন্ত পোৱাৰ সম্ভাৱনা আছে । বৰ্তমান ভাৰতত অলিম্পিকৰ মিডিয়া স্বত্ব আছে ভায়াকম-১৮ৰ হাতত । ইয়াৰ মূল্য ৩১ মিলিয়ন ডলাৰ, অৱশ্যে ক্ৰমাৎ দুৰ্বল হৈ আহিছে ভায়াকম, এইক্ষেত্ৰত ২০২৮ চনলৈ ৰিলায়েঞ্চ জিঅ'এ নিশচয়কৈ এক পদক্ষেপ ল'ব ।

সেই দিশৰ পৰা অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত হৈ পৰিলে অলিম্পিক কমিটিৰ আয় ১০০ শতাংশ বৃদ্ধি হ'ব । ক্ৰিকেটীয় দিশৰ পৰা ভাৰতীয় বজাৰ বৃহৎ । আই পি এলেই ইয়াৰ উপযুক্ত উদাহৰণ ।

ভাৰতৰ পৰা আই চি চিৰ সম্প্ৰচাৰ স্বত্ব বাঢ়িছে ৪০০ শতাংশ । আই চি চিৰ এই প্ৰচেষ্টাক অৱশ্যে সম্পূৰ্ণ সহযোগ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে । অলিম্পিক কমিটিয়েও সমগ্ৰ বিষয়টিক গুৰুত্ব সহকাৰে আলোচনা কৰা বুলি জানিবলৈ পৰা গৈছে । কিন্তু অলিম্পিকত ক্ৰিকেট দেখা গ'লেও অংশগ্ৰহণকাৰীৰ সংখ্যা ১০,৫০০ লোকৰ মাজতেই সীমাৱদ্ধ কৰি ৰাখিব বিচাৰে অলিম্পিক কমিটিয়ে ।তেনেস্থলত কিছু সমস্যাই দেখা দিব পাৰে ক্ৰিকেটৰ অন্তৰ্ভুক্তিয়ে । আগন্তুক অক্টোবৰ মাহত হে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল'ব অলিম্পিক কমিটিয়ে ।

অলিম্পিকলৈ যাবনে ক্ৰিকেট ? বি চি চি আইএ এতিয়া অন্তিম ভৰষা...
আজি জোনমণি ৰাভা সন্দৰ্ভত প্ৰকাশ পাব নতুন তথ্য, সংবাদ মেলৰ আয়োজন চি আই ডিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in