আজি আনন্দৰাম বৰুৱাৰ ১৭৫ বছৰীয়া জন্মজয়ন্তী

জিলা সাহিত্য সভা আৰু এহেজাৰ স্বীকৃতিপ্রাপ্ত শাখা সাহিত্য সভাকো প্রথম অসমীয়া প্রশাসনিক বিষয়া তথা প্রথম অসমীয়া স্নাতক আনন্দৰাম বৰুৱাৰ জন্মজয়ন্তী পালনৰ আহ্বান জনাই পত্র প্রেৰণ কৰিছে অসম সাহিত্য সভাৰ প্রধান সম্পাদকগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
আজি আনন্দৰাম বৰুৱাৰ ১৭৫ বছৰীয়া জন্মজয়ন্তী

আজি আনন্দৰাম বৰুৱাৰ ১৭৫ বছৰীয়া জন্মজয়ন্তী

ডিজিটেল ডেস্ক : অসম সাহিত্য সভাই কেন্দ্রীয়ভাৱে পালন কৰিব বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱাৰ ১৭৫ বছৰীয়া জন্মজয়ন্তী। অসম সাহিত্য সভাৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সহযোগত গুৱাহাটী ভগৱতীপ্রসাদ বৰুৱা ভৱন চৌহদস্থিত সংগীতাচার্য লক্ষ্মীৰাম বৰুৱা সদনত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হ'বলগীয়া এই জন্মজয়ন্তী অনুষ্ঠানত মুখ্য বক্তাৰূপে উপস্থিত থাকিব অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ মালিনী গোস্বামী। 

Advertisment

অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাই আন্তৰিকতাৰে প্রকাশ কৰা সদস্য মহীয়ান মহেশ্বৰ হাজৰিকাই অসমীয়ালৈ অনুবাদ কৰা 'পতঞ্জলিৰ মহাভাষ্য'ৰ তিনিটা খণ্ড আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব। এই তিনিটা খণ্ড উন্মোচন কৰিব ক্রমে- অসম সাহিত্য সভাৰ প্রাক্তন সভাপতিদ্বয়- ড০ ধ্রুবজ্যোতি বৰা, ড° সূৰ্য্যকান্ত হাজৰিকা আৰু সংস্কৃত পণ্ডিত তথা প্রাক্তন উপাচার্য ড০ দীপক কুমাৰ শৰ্মাই। 

উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ড০ ৰবীন দেৱ শর্মা, ড০ ৰাজেন শর্মা আৰু ময়ূৰ বৰা। দিনৰ ১-০০ বজাত চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হ'বলগা সভাখনত বেদ বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ দ্বাৰা আনন্দৰাম বৰুৱাৰ বিষয়ে লিখা স্তোত্র পৰিৱেশনৰ লগতে আনন্দৰাম বৰুৱাক লৈ সভাৰ সুহৃদ মধু পাটোৱাৰীয়ে ৰচনা কৰা আৰু প্রসেনজিত লাহনে সুৰ কৰা বিশেষ গীত পৰিৱেশন কৰা হ'ব বুলি এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে অসম সাহিত্য সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দি উক্ত সভাত সমূহ সাহিত্যানুৰাগী উপস্থিতি কামনা কৰিছে। 

উল্লেখ্য যে জিলা সাহিত্য সভা আৰু এহেজাৰ স্বীকৃতিপ্রাপ্ত শাখা সাহিত্য সভাকো প্রথম অসমীয়া প্রশাসনিক বিষয়া তথা প্রথম অসমীয়া স্নাতক আনন্দৰাম বৰুৱাৰ জন্মজয়ন্তী পালনৰ আহ্বান জনাই পত্র প্রেৰণ কৰিছে অসম সাহিত্য সভাৰ প্রধান সম্পাদকগৰাকীয়ে।

আনন্দৰাম বৰুৱা