২৭ বৰ্ষীয় মডেল ৰহমান ছালেৰ সৈতে ৪২ বৰ্ষীয় সুস্মিতাৰ শীঘ্ৰেই বিয়া!

২৭ বৰ্ষীয় মডেল ৰহমান ছালেৰ সৈতে ৪২ বৰ্ষীয় সুস্মিতাৰ শীঘ্ৰেই বিয়া!

author-image
asomiyapratidin
New Update
২৭ বৰ্ষীয় মডেল ৰহমান ছালেৰ সৈতে ৪২ বৰ্ষীয় সুস্মিতাৰ শীঘ্ৰেই বিয়া!

ডিজিটেল ডেস্কঃ প্ৰেমে নামানে একো বাধা। প্ৰেম এক ঐশ্বৰিক অনুভৱ। যিয়ে বয়সৰ পৰিধি ভাঙিও একলগ কৰিব পাৰে দুটি মন। উদাহৰণ? উদাহৰণ প্ৰিয়ংকা-নিক, শচীন-অঞ্জলী আৰু বহু আছে। শেহতীয়াকৈ এই 'আৰু'ৰ মাজত সুস্মিতা-ৰহমানৰ নাম যোগ হ'ব বুলিও এতিয়া চৰ্চা চলিছে। কিয়নো প্ৰেমিক ৰহমানতকৈ ১৫ বছৰে ডাঙৰ মোহময়ী অভিনেত্ৰী সুস্মিতা সেনৰ প্ৰেম এতিয়া সৰৱ আলোচনাৰ বিষয়।

Advertisment

২৭ বৰ্ষীয় মডেল ৰহমান ছালেৰ সৈতে ৪২ বৰ্ষীয় অভিনেত্ৰী সুস্মিতা সেনৰ প্ৰেমক লৈ ছ'চিয়েল মিডিয়া, বলীউড মহল সৰ্বত্ৰে চৰ্চা চলিছে। আনহাতে অহা বছৰতেই ৰহমান আৰু সুস্মিতা বিবাহ পাশত আবদ্ধ হ'ব বুলিও গুজৱ চলিছে। অৱশেষত এই সম্পৰ্কক মান্যতা প্ৰদান কৰি সুস্মিতাই ঘোষণা কৰিছে ৰহমান তেওঁৰ জীৱনৰ এটা অংশ। কিন্তু বিয়া? বিয়া এতিয়াই নহয়!

ছ'চিয়েল মিডিয়াত শৰীৰ চৰ্চাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি অভিনেত্ৰী সুস্মিতা সেনে কেপশ্যনত লিখিছে- 'আনে যেতিয়া মোক লৈ জল্পনা কৰিছে, মই তেতিয়া প্ৰশিক্ষণত ব্যস্ত হৈছো। সকলো আলাপ-আলোচনা এদিন থমকি ৰ'ব। বিবাহ এতিয়াই নহয়। কিন্তু ৰহমান মোৰ জীৱনত অৱশ্যেই আছে। এয়াই মোৰ জীৱনৰ সত্য, যিটো মই শ্বেয়াৰ কৰিলো।'

সুস্মিতাৰ এক ঘনিষ্ঠ বন্ধু সূত্ৰই জনোৱা মতে, বিগত দুমাহ ধৰি সুস্মিতা আৰু ৰহমানে প্ৰেমৰ সময় পাৰ কৰি আছে। প্ৰথমে দুয়োৰে সাক্ষাৎ হৈছিল এটা ফেশ্বন শ্ব'ৰ জৰিয়তে। দুয়োৰে মাজত লাহে লাহে সম্পৰ্ক গঢ়ি উঠে। সেই মুহূৰ্ততে দুয়ো প্ৰেমিক যুগলে অহা বছৰত বিবাহ পাশত আবদ্ধ হ'ব বুলি চৰ্চা চলিছিল যদিও শেহতীয়াকৈ এই চৰ্চা নসাৎ কৰে সুস্মিতাই।

উল্লেখ্য যে, ৰণদ্বীপ হুদা আৰু বিক্ৰম ভাটৰ সৈতে সুস্মিতা সেনৰ সম্পৰ্কৰ চৰ্চাই এসময়ত বলীউডৰ মহল গৰম কৰি ৰাখিছিল। আনকি স্বয়ং সুস্মিতা সেনেও এই সম্পৰ্কৰ কথা স্বীকাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত সেই দুয়োটা সম্পৰ্কই স্থায়ী নহ'ল। এতিয়া ২৭ বৰ্ষীয় মডেল ৰহমান ছালেৰ সৈতে ৪২ বৰ্ষীয় সুস্মিতাৰ প্ৰেমে কিমান দূৰলৈ বাট বুলিব পাৰে সেয়া পৰৱৰ্তী সময়তহে দেখা পোৱা যাব।