নেইল পলিছৰ পাৰ্শ্বক্ৰিয়াৰ পৰা কেনেকৈ বাচি থাকিব পাৰি জানি লওঁক

অধিকাংশ মহিলাই তেওঁলোকৰ সৌন্দৰ্য বঢ়াবলৈ বিভিন্ন ৰঙৰ নেইল পলিছ ব্যৱহাৰ কৰে। ‘নেইল আৰ্ট’ও এতিয়া ট্ৰেণ্ডিঙত আছে।কিন্তু সৌন্দৰ্য বৃদ্ধি কৰিবলৈ মহিলাসকলে ব্যৱহাৰ কৰা নেলই পলিছে মাতিব পাৰে ভয়ংকৰ বিপদ।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
নেইল পলিছ

ডিজিটেল ডেস্ক: অধিকাংশ মহিলাই তেওঁলোকৰ সৌন্দৰ্য বঢ়াবলৈ বিভিন্ন ৰঙৰ নেইল পলিছ ব্যৱহাৰ কৰে। ‘নেইল আৰ্ট’ও এতিয়া ট্ৰেণ্ডিঙত আছে। কিন্তু সৌন্দৰ্য বৃদ্ধি কৰিবলৈ মহিলাসকলে ব্যৱহাৰ কৰা নেলই পলিছে মাতিব পাৰে ভয়ংকৰ বিপদ। হয়, নেইল পলিছে নখ দুৰ্বল আৰু হালধীয়া কৰি তোলে। ইয়াত ফৰ্মেলডিহাইড, ডিবুটিল পথলেট আৰু টলুইনৰ দৰে উপাদান থাকে, যাৰ ফলত  কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ হ'ব পাৰে। নেইল পলিছত থকা এই ৰাসায়নিক পদাৰ্থসমূহৰ ভয়াৱহ দিশসমূহৰ বিষয়ে আজি জানো আহক-

Advertisment

টলুইন

টলুইন হৈছে নেইল পলিছত থকা এবিধ ৰাসায়নিক পদাৰ্থ। এই ৰাসায়নিক পদাৰ্থই স্নায়ুতন্ত্ৰ আৰু মগজুক প্ৰভাৱিত কৰে। ইয়াৰ ফলত মূৰৰ বিষ, দুৰ্বলতা, অলসতা, মূৰ ঘূৰোৱা আৰু ওকালি অহা আদি ৰোগ হ'ব পাৰে। তদুপৰি, টলুইনে বৃক্ক, যকৃত আৰু প্ৰজনন বিকাৰ প্ৰভাৱিত কৰিব পাৰে।

ফৰ্মেলডিহাইড

এইটো এটা ৰঙহীন ৰাসায়নিক পদাৰ্থ, যিয়ে নেইল পলিছ দীঘলীয়া সময়লৈকে নখত থকাত সহায় কৰে।নেইল পলিছৰ সুগন্ধিৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়। ফৰ্মেলডিহাইডৰ ফলত নখত বা নখৰ কাষে-বাৰে জ্বলা-পোৰা হয়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ সমস্যা, কৰ্কট ৰোগ আৰু অন্যান্য গুৰুতৰ স্বাস্থ্য সমস্যা হ'ব পাৰে।

ডিবুটিল পথলেট

নেইল পলিছৰ ৰং উজ্জ্বল কৰিবৰ বাবে এই ৰাসায়নিক পদাৰ্থটো ব্যৱহাৰ কৰা হয়। এই ৰাসায়নিক পদাৰ্থৰ উপস্থিতিৰ ফলত শ্বাসতন্ত্ৰ, যকৃত, বৃক্ক আৰু স্ত্ৰীৰোগজনিত ৰোগ হয়।

নেইল পলিছৰ পাৰ্শ্বক্ৰিয়াৰ পৰা কেনেকৈ বাচি থাকিব 

- পৰাপক্ষত নেইল পলিছ প্ৰয়োগ নকৰাটোয়েই ভাল। দৰকাৰ হ’লে বিশেষ অনুষ্ঠানলৈ গ’লেহে নেইল পলিছ প্ৰয়োগ কৰিব।

- নখবোৰ লেতেৰা বা হালধীয়া হ'লে লগে লগে পৰিস্কাৰ কৰিব আৰু কেইদিনমানলৈ নেইল পলিছ প্ৰয়োগ নকৰিব।

- বজাৰত বহু প্ৰকাৰৰ নেইল পলিছ উপলব্ধ। কিন্তু আপুনি উচ্চ মানদণ্ডৰ চাইহে নেইল পলিছ বাছনি কৰিব।

Also Read: দাঁত ব্ৰাছ নকৰাকৈ খাদ্য খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ