মুক্তিৰ পূৰ্বেই বিতৰ্কত 'ছিতাৰে জমীন পৰ'

অৱশেষত মুকলি হ’ল আমিৰ খানৰ বহু প্ৰত্যাশিত ছবি ‘ছিতাৰে জমীন পৰ’ৰ ট্ৰেইলাৰ। ট্ৰেইলাৰ মুকলিৰ পাছতেই স্বাভাৱিকভাৱেই এই ছিকুৱেল ছবিখন চৰ্চাৰ শীৰ্ষত আছে। ‘ছিতাৰে জমীন পৰ’ ২০০৭ ত মুক্তিপ্ৰাপ্ত ব্লকবাষ্টাৰ ছবি ‘তাৰে জমীন পৰ’ৰ ছিকুৱেল।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
web seo  আমিৰ খান

ডিজিটেল ডেস্ক: অৱশেষত মুকলি হ’ল আমিৰ খানৰ বহু প্ৰত্যাশিত ছবি ‘ছিতাৰে জমীন পৰ’ৰ ট্ৰেইলাৰ। ট্ৰেইলাৰ মুকলিৰ পাছতেই স্বাভাৱিকভাৱেই এই ছিকুৱেল ছবিখন চৰ্চাৰ শীৰ্ষত আছে। ‘ছিতাৰে জমীন পৰ’ ২০০৭ ত মুক্তিপ্ৰাপ্ত ব্লকবাষ্টাৰ ছবি ‘তাৰে জমীন পৰ’ৰ ছিকুৱেল।

Advertisment

ট্ৰেইলাৰ মুকলিৰ পূৰ্বে অভিনেতা ৰীতেশ দেশমুখে ছবিখনক ‘অসাধাৰণ’ বুলি মন্তব্য কৰিছিল। কিন্তু, ট্ৰেইলাৰ মুকলিৰ পাছৰ পৰা খুব বেয়াকৈ সমালোচিত হৈছে ‘মিষ্টাৰ পাৰ্ফেকচনিষ্ট’ আমিৰ খান। হয়, অগণন অনুৰাগীয়ে এই ছবিখনৰ ট্ৰেইলাৰ উপভোগ কৰি ছবিখন সম্পূৰ্ণৰূপে নকল আৰু আজিকালি তেওঁৰ ছবি উপভোগ্য নহয় বুলি মন্তব্য কৰিছে। অনুৰাগীৰ মতে, ‘ছিতাৰে জমীন পৰ’ ২০১৮ চনত মুক্তিপ্ৰাপ্ত স্পেনিছ ছবি ‘ছেম্পিয়নছ’ৰ ‘ফ্ৰেম বাই ফ্ৰেম কপি’। আনহাতে, ২০২২ত মুক্তিপ্ৰাপ্ত আমিৰ খানৰ ছবি ‘লাল সিং চাদ্ধা’  ‘ফৰেষ্ট গাম্প’ৰ ছবিৰ পৰা নকল কৰা বুলি অনুৰাগীয়ে প্ৰমাণ দিছে।

কেতিয়া ছবিগৃহলৈ আহিব এইখন বিতৰ্কিত ছবি

‘ছিতাৰে জমিন পৰ’ত আমিৰ খানৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে জেনেলিয়া দেশমুখে। কেইটামান গুৰুত্বপূৰ্ণ ছবিত অভিনয় কৰিছে গোপী কৃষ্ণন বৰ্মা, বেদান্ত শৰ্মা, নমন মিশ্ৰ, ঋষি শ্বাহনী, ঋষভ জৈন, আশীষ পেণ্ডছে, সম্বিত দেশাই, ছিমৰন মংগেশকাৰ, আয়ুস ভাঞ্চালী, ডলী আহলুৱালিয়া, গুৰপাল সিং আৰু ব্রীজেন্দ্ৰ কালাই। ছবিখন পৰিচালনাৰ দায়িত্বত আছে আৰ এছ প্ৰসন্ন। প্ৰযোজনা কৰিছে আমিৰ খান আৰু অপৰ্ণা পুৰোহিতে। কাহিনী লেখিছে দিবী নিধি শৰ্মাই। সংগীত পৰিচালনা কৰিছে শংকৰ-এহছান ৰয়ে। মুক্তিৰ পূৰ্বেই সীমাহীন চৰ্চা লাভ কৰা ‘ছিতাৰে জমিন পৰ’ ২০ জুনত সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব।