/asomiyapratidin/media/media_files/2025/05/03/RtA8k7fBQIVphr3SAAII.jpg)
ডিজিটেল ডেস্কঃ ব্যক্তিগত জীৱনৰ বাবে প্ৰায়ে চৰ্চাত থাকে ভাৰতৰ বিখ্যাত প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধাৱন। শেহতীয়াকৈ পুনৰ চৰ্চাত ক্ৰিকেটাৰজন। হয়, প্ৰথম পত্নী আয়েশা মুখাৰ্জীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত আকৌ প্ৰেমত পৰিছে ক্ৰিকেটাৰজন। শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত এই বিষয়ে ৰাজহুৱা হৈছে। আচলতে, ধাৱনৰ প্ৰেয়সীয়ে এই সম্পৰ্ক ৰাজহুৱা কৰিছে।
শিখৰ ধাৱনক প্ৰেমত পেলোৱা কোন এই সুন্দৰী ?
ক্ৰিকেটাৰজনৰ প্ৰেয়সীৰ নাম ছফী শ্বাইন। আয়াৰলেণ্ডৰ ছফী পেছাত এগৰাকী প্ৰডাক্ট কনচালটেণ্ট। লিমেৰিক ইনষ্টিটিউট অৱ টেকন’লজিত মাৰ্কেটিং এণ্ড মেনেজমেণ্টৰ শিক্ষা গ্ৰহণ কৰা ছফীয়ে বৰ্তমান আবু ধাবিত নৰ্দাৰ্ণ ট্ৰাষ্ট কৰ্প’ৰেশ্যনৰ এগৰাকী শীৰ্ষ বিষয়া হিচাপে কাম কৰি আছে। কেৱল পেছাগতভাৱে সফল হোৱাই নহয়, ছফী ছ’চিয়েল মিডিয়াতো অতি জনপ্ৰিয়। ইনষ্টাগ্ৰামত তেওঁৰ 'ষ্টাইলিছ' আৰু 'ক্লাছি' ফটোবোৰ মানুহে ভাল পায়। তেওঁ ফেশ্বন আৰু 'এলিগেন্স'ৰ বাবেও যুৱক-যুৱতীসকলৰ মাজত 'আইকন' হৈ পৰিছে।
কিদৰে কাষ চাপিল শিখৰ-ছফী ?
শিখৰ ধাৱন আৰু ছফী শ্বাইন ২০২৩ চনৰ পৰাই বন্ধু। কিন্তু সেই সময়ত দুয়োজনে ৰাজহুৱাভাৱে একো স্পষ্ট কৰা নাছিল আৰু নিজৰ সম্পৰ্কক ব্যক্তিগতভাৱে ৰাখিছিল। কিন্তু এতিয়া দুয়োজনে আগবাঢ়ি আহি নিজৰ সম্পৰ্কক মানি লৈছে। ছফীয়ে ইনষ্টাগ্ৰামত শিখৰ ধাৱনৰ সৈতে এখন ফটো আপলড কৰিছে। ছফীৰ যৌথ ইনষ্টাগ্ৰাম প'ষ্ট দেখি তেওঁলোকৰ অনুৰাগীসকল অতিশয় আনন্দিত হৈ দুয়োকে শুভকামনা জ্ঞাপন কৰিছে।
আই পি এল, চেম্পিয়নছ ট্ৰফীত দেখা গৈছিল ছফীক
২০২৩ আৰু ২০২৪ চনৰ আই পি এলৰ খেলৰ সময়ত ষ্টেডিয়ামত দেখা গৈছিল ছফীক। পঞ্জাব কিংছৰ জাৰ্চি পিন্ধি দলটোক সমৰ্থন কৰা দেখা গৈছিল। এই একেটা দলেই সেই সময়ত শিখৰ ধাৱনৰ অধিনায়কত্বত খেলি আছিল। ইয়াৰ পিছতে চেম্পিয়নছ ট্ৰফীৰ সময়ত শিখৰ আৰু ছফীকো একেলগে দেখা গৈছিল।
অজস্ৰ অনুৰাগীয়ে জনাইছে অভিনন্দন
ছ’চিয়েল মিডিয়াত শিখৰ আৰু ছফীৰ এই প'ষ্টটো অহাৰ লগে লগে অনুৰাগীসকলে আন্তৰিকতাৰে অভিনন্দন জনায়। মানুহে তেওঁলোকৰ যুটিটোক 'ইজনে সিজনৰ বাবে নিৰ্মিত' বুলি অভিহিত কৰিছে আৰু তেওঁলোকৰ বাবে শুভকামনা জনাইছে।