এয়াহে পিতৃ ! ৫৯ বছৰ বয়সতো অজস্ৰজনৰ মাজত জিলিকিল 'কিং খান'

বলীউডৰ 'কিং' শ্বাহৰুখ খানে চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ফেশ্বন ইভেণ্ট 'মেট গালা ২০২৫'ত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটো প্ৰতি বছৰে নিউয়ৰ্কৰ মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্টত উদযাপন কৰা হয়।

author-image
সংগীতা দাস
New Update
শ্বাহৰুখে

ডিজিটেল ডেস্ক: বলীউডৰ 'কিং' শ্বাহৰুখ খানে চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ফেশ্বন ইভেণ্ট 'মেট গালা ২০২৫'ত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটো প্ৰতি বছৰে নিউয়ৰ্কৰ মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্টত উদযাপন কৰা হয়। এইবাৰ শ্বাহৰুখ প্ৰথমবাৰৰ বাবে এই গ্ল’বেল ফেশ্বন ইভেণ্টৰ অংশ হয়। অভিনেতাজনে এই অনুষ্ঠানত ভাৰতীয় বিখ্যাত ফেশ্বন ডিজাইনাৰ সব্যসাচী মুখাৰ্জীয়ে ডিজাইন কৰা বিশেষ ক’লা সাজ পৰিধান কৰে।

পিছে কিয় এইবাৰ মেট গালাত অংশ ল’লে শ্বাহৰুখ খানে ? 

Advertisment

এইবাৰ শ্বাহৰুখ খানে মেট গালাত অংশগ্ৰহণ কৰি সকলোকে আচৰিত কৰে। অৱশ্যে কিয় তেওঁ এই বৰ্ষত এই অনুষ্ঠানত অংশ গ্ৰহণ, সেই বিষয়েও স্পষ্ট কৰে। তেওঁ কয়, এই সিদ্ধান্ত তেওঁৰ অকলশৰীয়া নহয়। তেওঁৰ সন্তানে জোৰ কৰাৰ বাবেহে তেওঁ ইয়াৰ অংশ হয়। তেওঁৰ একমাত্ৰ কন্যা আৰু জ্যেষ্ঠ পুত্ৰ এই অনুষ্ঠানটোক লৈ অতিশয় উৎসাহিত। যাৰ বাবে তেওঁ মেট গালাত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শ্বাহৰুখে হাঁহি হাঁহি কয়, 'মেট গালা মোৰ বাবে আটাইতকৈ বিশেষ। কাৰণ মোৰ ল'ৰা-ছোৱালী দুটায়ে খুব ভাল পাইছে। সিঁহত খুব উত্তেজিত। যেতিয়া সব্যাসচিয়ে ফোন কৰিলে, মই সাজু হ'লোঁ। তেওঁ মোৰ বাবে তৈয়াৰ কৰা কাপোৰযোৰ অতি ষ্টাইলিছ আৰু আৰামদায়ক।'

ৰাজকীয় শৈলীত দেখা গ'ল কিং খানক

এই ইভেণ্টত শ্বাহৰুখ খানৰ 'লুক' খুব 'ৰয়েল' আছিল। তেওঁ ক’লা ৰঙৰ ট্ৰাউজাৰ, চাৰ্ট আৰু লং কোট, হাতত-কাণত বিশেষ অলংকাৰ পৰিধান কৰিছিল। তেওঁৰ অলংকাৰৰ বিশেষ আকৰ্ষণ আছিল ডিঙিত পিন্ধা ‘কে’ আখৰৰ লকেটটো। শ্বাহৰুখৰ মেনেজাৰ পূজা দাদলানীয়ে কয় যে 'কে'ৰ অৰ্থ হৈছে 'কিং' মানে ৰজা, যি তেওঁৰ পৰিচয়।

'মেট গালা ২০২৫' থিম: 'ছুপাৰফাইন: টেইলাৰিং ব্লেক ষ্টাইল'

এইবাৰৰ মেট গালাৰ বিষয়বস্তু আছিল ‘ছুপাৰফাইন: টেইলাৰিং ব্লেক ষ্টাইল’। এই বিষয়বস্তুৱে কৃষ্ণাংগ ফেশ্বন শৈলী, ডেণ্ডিজম আৰু পুৰুষৰ টেইলাৰ কাপোৰৰ সাংস্কৃতিক ঐতিহ্যক উদগনি জনায়। এইবাৰ মেট গালাত ভাৰতীয় তাৰকাৰ উপস্থিতিও আছিল অতি বিশেষ।

জিলিকিল এইসকল তাৰকাও

শ্বাহৰুখ খানৰ উপৰিও আন বহু ভাৰতীয় চেলিব্ৰিটিয়েও মেট গালা ২০২৫ত অংশ গ্ৰহণ কৰে। গায়ক-অভিনেতা দিলজিৎ দোসাঞ্জক তেওঁৰ ষ্টাইলিছ পাঞ্জাবী লুকত দেখা যায়। প্ৰথমবাৰৰ বাবে মেট গালাত দেখা গ'ল গৰ্ভৱতী কিয়াৰা আদৱানীক। পঞ্চমবাৰৰ বাবে এই অনুষ্ঠানত অংশ লয় প্ৰিয়ংকা চোপ্ৰাই। তদুপৰি, মেট গালা ২০২৫ত  ঈশা আম্বানী আৰু নাটাছা পুনাৱালাকো খুব আকৰ্ষণীয় ৰূপত দেখা গৈছে।

Also Read: পত্নীৰে বিচ্ছেদৰ পাছত শিখৰক কাবু কৰা কোন এই সুন্দৰী ?