মেৰাপানী আৰক্ষীৰ অভিযানত মহিলাসহ ৬ বাংলাদেশীক আটক

সীমান্ত আৰক্ষী আৰু মেৰাপানী আৰক্ষীৰ যুটীয়া অভিযানত আটক কৰা হৈছে ছজনকৈ বিদেশী ঘোষিত হোৱা নাগৰিকক। যোৰহাটস্থিত বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা ছজন লোকক মেৰাপানীৰ বিভিন্ন গাঁৱৰ পৰা আটক কৰে আৰক্ষীৰ দলে।

author-image
Asomiya Pratidin
New Update
আটক ৬ বাংলাদেশী

আটক ৬ বাংলাদেশী

ডিজিটেল সংবাদ, মেৰাপানীঃ সীমান্ত আৰক্ষী আৰু মেৰাপানী আৰক্ষীৰ যুটীয়া অভিযানত আটক কৰা হৈছে ছজনকৈ বিদেশী ঘোষিত হোৱা নাগৰিকক। যোৰহাটস্থিত বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা ছজন লোকক মেৰাপানীৰ বিভিন্ন গাঁৱৰ পৰা আটক কৰে আৰক্ষীৰ দলে।

Advertisment

 আটক কৰা লোকসকলৰ ভিতৰত তিনিগৰাকী মহিলা আৰু তিনিজন পুৰুষ। আটকাধীন সকল ক্ৰমে- নেঘেৰিবিল মুছলিম গাঁৱৰ আয়ুব আলি আৰু খুটেজা বেগম, মেৰাপানী ফৰেষ্ট ব্লকৰ জীৱন আলি আৰু হাফিজা বেগ, গমাৰিগুৰিৰ নুৰেজা বেগম আৰু ইছলামপুৰ গাঁৱৰ আব্দুল গফুৰ। উল্লেখযোগ্য যে, আটক আটাইকেইগৰাকী লোককে চাৰিবছৰৰ পূৰ্বেই বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰিছিল যদিও লোককেইজনে এইবিষয়ে অৱগত নহয় বুলি জানিবলৈ দিয়ে। মেৰাপানী আৰক্ষীয়ে ইতিমধ্যে আটাইকেই গৰাকীকে যোৰহাটস্থিত সীমান্ত কোষলৈ প্ৰেৰণ কৰিছে।

বাংলাদেশী