কিয় আজিও অবিবাহিত 'ভাইজান', ফাদিল হ'ল ৰহস্য

ছলমান খানৰ বিয়া ! প্ৰায় সকলো সময়তে দেশজুৰি চৰ্চাত থকা এক অন্যতম বিষয়। ৫৯ বছৰ বয়সতো অবিবাহিত বলীউডৰ এইজন ছুপাৰষ্টাৰৰ প্ৰেম জীৱন আৰু বিয়াৰ পৰিকল্পনাৰ কথা জানিবলৈ প্ৰতিজন অনুৰাগীয়েই খুব ইচ্ছুক আৰু উৎসাহী হৈ থাকে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
seo 1 web

ডিজিটেল ডেস্ক: ছলমান খানৰ বিয়া ! প্ৰায় সকলো সময়তে দেশজুৰি চৰ্চাত থকা এক অন্যতম বিষয়। ৫৯ বছৰ বয়সতো অবিবাহিত বলীউডৰ এইজন ছুপাৰষ্টাৰৰ প্ৰেম জীৱন আৰু বিয়াৰ পৰিকল্পনাৰ কথা জানিবলৈ প্ৰতিজন অনুৰাগীয়েই খুব ইচ্ছুক আৰু উৎসাহী হৈ থাকে। বহু কেইগৰাকী সুন্দৰীৰ লগত তেওঁৰ নাম ইতিমধ্যে সাঙোৰ খাইছে যদিও কিয় এতিয়াও তেওঁ বিবাহ পাশত আবদ্ধ হোৱা নাই, সেয়া ৰহস্য হৈয়ে আছে। কিন্তু অৱশেষত এই সন্দৰ্ভত মুখ খুলিছে ছলমান খানে। 

Advertisment

হয়, বিয়া সন্দৰ্ভত ছলমানে কয়, 'মোৰ পিতৃ-মাতৃৰ বিয়াত মাত্ৰ ১৮৪ টকা খৰচ হৈছিল। কিন্তু আজিকালি ভালকৈ এখন বিয়া পতিবলৈ কোটি টকাৰ দৰকাৰ হয়। যি টকা মোৰ হাতত নাই। সকলোয়ে যে সোধে মই কিয় বিয়া পতা নাই, আজি কৈছো, বিয়া পাতিবলৈ কোটি টকা মোৰ হাতত নাই। '

প্ৰকৃত কথাটো কি ?

শেহতীয়াকৈ ভাইৰেল হোৱা ছলমানৰ এই ভাষ্যই এতিয়া সকলোৰে মুখত হাঁহিৰ খোৰাক যোগাইছে। অৱশ্যে, এই কথাখিনি ছলমানে ২০১৮ চনত টিই গ্ল’বেল ছামিটত অংশগ্ৰহণ কৰোতে কৈছিল। ছলমানৰ বিয়াৰ চৰ্চা প্ৰায় সকলো সময়তে চলি থাকে বাবেই হয়তো পুনৰ এই বিষয়টো চৰ্চালৈ আহিছে।

উল্লেখ্য যে, নব্বৈৰ দশকৰ শেষৰ ফালে বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়ৰ সৈতে ছলমানৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। 'হম দিল দে চুকে ছনম' নামৰ ছবিখনৰ দৃশ্যগ্ৰহণত প্ৰথমবাৰৰ বাবে লগ হৈ ছলমান আৰু ঐশ্বৰ্যৰ প্ৰেম আৰম্ভ হৈছিল। ইয়াৰ পাছত তেওঁৰ নাম কেটৰিনা কাইফ, ইউলিয়া ভানটুৰৰ লগতো সাঙোৰ খাইছিল। আনহাতে, ঐশ্বৰ্য ৰায়ৰ পূৰ্বে ছলমানে সংগীতা বিজলানীকো ডেট কৰিছিল। প্ৰায় এটা দশক ধৰি দুয়ো একেলগে থাকি বিয়াৰো পৰিকল্পনা কৰিছিল।