ছবিগৃহত সজীৱ হৈ উঠিব অতীতৰ বহু স্মৃতি ! সাক্ষী হওঁক আপুনিও

'ভাইমন দা’ ! মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চাত থকা এখন অসমীয়া ছবি। এই ছবিখন কিংবদন্তি পৰিচালক- প্ৰযোজক তথা চিত্ৰনাট্যকাৰ মুনীন বৰুৱাৰ জীৱন ভিত্তিক ছবি। ‘

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
seo hthjt

ডিজিটেল ডেস্ক: ‘ভাইমন দা’ ! মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চাত থকা এখন অসমীয়া ছবি। এই ছবিখন কিংবদন্তি পৰিচালক- প্ৰযোজক তথা চিত্ৰনাট্যকাৰ মুনীন বৰুৱাৰ জীৱন ভিত্তিক ছবি। ‘পিতা-পুত্ৰ’, ‘হিয়া দিয়া নিয়া’, ‘নায়ক’, ‘বিধাতা’, ‘দাগ’, ‘নায়ক’, ‘কন্যাদান’, ‘বাৰুদ’, ‘ৰং’, ‘দীনবন্ধু’, ‘ৰামধেনু’ৰ দৰে চিৰসেউজ ছবি অসমবাসীক উপহাৰ দিয়া এইজন সফল পৰিচালক সকলোৰে মাজত ‘ভাইমন দা’ হিচাপে পৰিচিত আছিল।

Advertisment

অসমৰ সংস্কৃতিৰ জগতখনক এক অন্য মাত্ৰা প্ৰদান কৰা মুনীন বৰুৱাৰ জীৱনৰ সকলোবোৰ দিশ সামৰি নিৰ্মিত ‘ভাইমন দা’ৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ। সম্পূৰ্ণ পাঁচ বছৰীয়া প্ৰচেষ্টাৰ অন্তত পৰিচালকজনে এই ছবিখনক দৰ্শকক উপহাৰ দিবলৈ সাজু হৈছে। ‘জীল ক্ৰিয়েশ্যনছ’ৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে। কাৰ্যবাহী প্ৰযোজক হিচাপে আছে অনুপম শৰ্মা। অসমীয়া ছবি জগতক উজলাই তোলাত বিশেষ ভূমিকা পালন কৰা প্ৰতিজন লোকৰ চৰিত্ৰক খুব সুন্দৰকৈ এই ছবিখনত উপস্থাপন কৰা হৈছে। ‘ভাইমন দা’ত ভাইমন দা অৰ্থাৎ মুনীন বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছে বনদ্বীপ শৰ্মাই, তেওঁৰ পত্নী মঞ্জুলা বৰুৱাৰ চৰিত্ৰত যশস্বী ভূঞা, পিতৃ হেমেন্দ্ৰ নাথ বৰুৱাৰ চৰিত্ৰত গুণাকৰ দেৱ গোস্বামী, মাতৃ লতিকা বৰুৱাৰ চৰিত্ৰত পাকিজা বেগম, পুত্ৰ মানস বৰুৱা( ৰিজ্জ’ )ৰ চৰিত্ৰত গীতাৰ্থ শৰ্মা, ভগ্নী মনু আৰু লখিমীৰ চৰিত্ৰত ক্ৰমে বিদ্যা ভাৰতী আৰু হিমানী কলিতাই অভিনয় কৰিছে। কিশোৰ কালৰ মুনীন বৰুৱাৰ চৰিত্ৰ ৰূপায়ন কৰিছে অনুৰাগ বৰাই। আনহাতে, একমাত্ৰ মুনীন বৰুৱাৰ বাবেই অসমীয়া ছবি জগতত এক সুকীয়া পৰিচয় লাভ কৰা অভিনেতা ৰবি শৰ্মাৰ চৰিত্ৰত জয় শইকীয়া আৰু যতীন বৰাৰ চৰিত্ৰত কৌশিক ভৰদ্বাজে অভিনয় কৰিছে।

তদুপৰি, বিজু ফুকনৰ চৰিত্ৰত নীলিম দত্ত, মৃদুলা বৰুৱাৰ চৰিত্ৰত বৈভৱী গোস্বামী, মনজ্যোতি বৰুৱা(ভাই)ৰ চৰিত্ৰত অৰ্ঘদ্বীপ বৰুৱা, তপোব্ৰত বৰুৱা (ভেকু)ৰ চৰিত্ৰত নিৰুপম শইকীয়া, তপন দাসৰ চৰিত্ৰত প্ৰত্যুষ প্লাৱন, ভৱেন্দ্ৰ নাথ শইকীয়াৰ চৰিত্ৰত ড॰ হেমেন বৰ্মন, এন পি এন নায়ৰৰ চৰিত্ৰত আশীষ বিদ্যাৰ্থী, শিৱ প্ৰসাদ ঠাকুৰৰ চৰিত্ৰত সমুদ্ৰগুপ্ত দত্ত, পাৰ্থ সাৰথি মহন্তৰ চৰিত্ৰত পাৰ্থ প্ৰতিম শৰ্মা, প্ৰাঞ্জল শইকীয়াৰ চৰিত্ৰত ঋষভ শৰ্মা, বিদ্যা ৰাওৰ চৰিত্ৰত কল্পনা কলিতা, মেৰী লস্কৰৰ চৰিত্ৰত নিতুমণি দাস, ভূপেন উজীৰৰ চৰিত্ৰত হেমাংগ উজীৰ, বিদ্যুৎ চক্ৰৱৰ্তীৰ চৰিত্ৰত নৱজীত কোঁৱৰ, সুমন দুৱৰাৰ চৰিত্ৰত দ্বীপজ্যোতি কেওঁট, মৰমীৰ চৰিত্ৰত শিল্পী শিখা বৰা, বানী দাসৰ চৰিত্ৰত উজ্জ্বল কুমাৰ, অকনৰ চৰিত্ৰত সঞ্জীৱ বুৰাগোঁসাই, জেতুকীৰ চৰিত্ৰত সীমা বৰুৱা, মূখ্যমন্ত্ৰী ড॰হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰত হিমাংশু বৰ্মন, ৰিণীকি ভূঞা শৰ্মাৰ চৰিত্ৰত প্ৰিয়ংকা দাস, মেকেন চাংমাৰ চৰিত্ৰত ৰিনডাও নাৰ্জাৰী, উপেন দত্তৰ চৰিত্ৰত নৱজ্যোতি নাথ, মহিধৰৰ চৰিত্ৰত উজ্জ্বল ৰাজখোৱা, কৃষ্ণ ৰয়ৰ চৰিত্ৰত বিকাশ দাস, আব্দুল মন্ননৰ চৰিত্ৰত তৰুণ পৰীক্ষিত বৰুৱা, সৰু কালৰ মুনীন বৰুৱা আৰু মেকেনৰ চৰিত্ৰত ক্ৰমে ৰিকী বৰা আৰু নন্দন বৰুৱাৰ লগতে ৩৬০ৰো অধিক অভিনেতা-অভিনেত্ৰীয়ে বহু চৰ্চিত এই ছবিখনত অভিনয় কৰিছে।

ছবিখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীয়ে। গীতসমূহত কণ্ঠ দিছে, জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ, জয় বৰুৱা, ৰূপম ভূঞা, পৰাণ বৰকটকী, মন্টুমণি শইকীয়া, প্ৰবীন বৰা, বিশ্ৰুত শইকীয়া, ৰাকেশ বড়ো, দেৱা গীতজ, খনিন বৰ্মন, পিতি বৰা, পম্পী গগৈ, প্ৰণামিকা গোস্বামী আৰু এৰেকাই। গীতসমূহ ৰচনা কৰিছে মুনীন বৰুৱা, দিগন্ত ভাৰতী, পৰাণ বৰকটকী আৰু শশাংক সমীৰে। ছবিখনৰ ‘বিয়েৰ ব্ৰেণ্ডী হুইস্কি’ গীতটোৰ প্ৰথমখিনি মুনীন বৰুৱাই লেখা আৰু সুৰ কৰা। নৃত্য পৰিচালনা কৰিছে পংকজ ইংতিয়ে। চিত্ৰগ্ৰহণ কৰিছে ভাঞ্চিনাথান মুৰুগেছানে। ছাউণ্ড ডিজাইন আৰু মিক্সিঙৰ কাম কৰিছে অমৃত প্ৰীতম আৰু দেৱজিত চাংমাই।

উল্লেখ্য যে, মুনীন বৰুৱাৰ অতি প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ চৰিত্ৰটোয়ে ছবিখনত বিশেষ গুৰুত্ব লাভ কৰিছে। পিছে, সকলোৰে প্ৰিয় জুবিন গাৰ্গৰ চৰিত্ৰটো কোনে ৰূপায়ন কৰিছে, সেয়া জানিবলৈ আপুনি ২৩ মে’ত মুক্তি পাবলগীয়া ‘ভাইমন দা’ উপভোগ কৰিব লাগিব।

Also Read: কিয় আজিও অবিবাহিত 'ভাইজান', ফাদিল হ'ল ৰহস্য