তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত থিতাতে প্ৰাণ গ'ল SSB জোৱানৰ...

সোণাপুৰৰ কলেজ গে’টৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্রবেগী ট্রেভেলাৰে মহটিয়াই নিলে এজন পথচাৰীক।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ দুজন গুৰুতৰ ভাৱে আহত... road accident

ডিজিটেল ডেস্ক: সোণাপুৰৰ কলেজ গে’টৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্রবেগী ট্রেভেলাৰে মহটিয়াই নিলে এজন পথচাৰীক।

Advertisment

থিতাতে নিহত SSB জোৱান এছ বেঞ্জামিন। জোৱানজনৰ ঘৰ মণিপুৰত বুলি জানিব পৰা গৈছে।

৩৭নং ৰাষ্ট্রীয় ঘাইপথ পাৰ হ’বলৈ লোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা চলাওতেই দুৰ্ঘটনাগ্রস্ত ট্রেভেলাৰখন।

কচুতলি গাঁৱত এটা পুখুৰীত সোমাই যায় ট্রেভেলাৰখন। কথমপি প্রাণ ৰক্ষা ট্রেভেলাৰখনত থকা যাত্রীৰ। ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

আৰু পঢ়ক: পিতৃক ড্ৰাগছৰ বেজি দি পুত্ৰই লুটিলে চিকিৎসাৰ বাবে থোৱা ধন, আত্মহনন...

guwahati dead road accident