গুৱাহাটীৰ কৃত্ৰিম বানঃ জয়ন্ত মল্ল বৰুৱাৰ দৃষ্টিত কেৱল USTM হে কিয়?

‘‘মহানগৰী গুৱাহাটীৰ নাগৰিকক সকাহ দিবলৈ আমাৰ চৰকাৰে সম্ভাব্য সকলো প্ৰচেষ্টা আৰু পদক্ষেপ গ্ৰহণ কৰিছে। নাগৰিকক সকাহ দিয়াৰ উদ্দেশ্যেই কাম কৰিবলৈ আমাৰ চৰকাৰ বদ্ধপৰিকৰ।" 

author-image
Asomiya Pratidin
New Update
নিি্

ডিজিটেল ডেস্কঃ  গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সুৰতেই সুৰ মিলাই মেঘালয়ত অৱস্থিত ইউ এছ টি এমৰ পাহাৰৰ খননকে দোষাৰোপ কৰা বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Advertisment

সচেতন গুৱাহাটীবাসীয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মেঘালয়ৰ পাহাৰৰ খনন বিষয়টো যিদৰে তেওঁৰ চকুত পৰিছে ঠিক সেইদৰেই তাৰ বিপৰীত দিশে থকা আমছিং অভয়াৰণ্য আৰু পাহাৰ অঞ্চলত চলা অবৈধ বেদখল তথা পাহাৰ খনন আৰু ইয়াৰ দাঁতি কাষৰীয়া জলাশয় পুতি নিৰ্মাণ কাৰ্য চলাই থকা বিষয়টো কিয় চকুত পৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰিছে। 

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱাই গুৱাহাটী মহানগৰী কৃত্রিম বানৰ কবলত পৰাৰ পিছত সামাজিক মাধ্যমযোগে মন্ত্রী জয়ন্ত মল্লবৰুৱাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইউ এছ টি এমক লক্ষ্য কৰি লয়। সামাজিক মাধ্যমত ইউ এছ টি এম থকা স্থানৰ ২০১০ আৰু ২০২৫ চনৰ দুখন ছেটেলাইটৰ ছদি সন্নিৱিষ্ট কৰি লিখিছে, "এই ফটোখন মই সেইসকলৰ বাবে আগবঢ়ালো, যিসকলে 'ইউ এছ টি এম'ৰ পৃষ্ঠপোষকতাত গুৱাহাটীৰ কৃত্ৰিম বানপানীক লৈ এক অপপ্ৰচাৰ চলাই আহিছে।

তেওঁ আৰু লিখিছে, আপুনিও জানে যে তাহানিৰে পৰা গুৱাহাটী এখন অপৰিকল্পিতভাৱে গঢ়ি উঠা মহানগৰী। মহানগৰীখনক চাৰিওপিনে পাহাৰে আৱৰি ৰখাৰ লগতে মাজমজিয়াতো কেবাখনো পাহাৰ অৱস্থিত। তেনেক্ষেত্ৰত বৰষুণ দিলেই পাহাৰৰ পৰা পানীৰ ধল নামি আহি কিছুসময়ৰ বাবে বাটপথ জলমগ্ন কৰি তোলে । লগতে পাহাৰৰ পৰা নামি অহা পানীয়ে শিল-মাটি কঢ়িয়াই আনি নলা-নৰ্দমাবোৰ পৰিপূৰ্ণ কৰি পানী ওলাই যোৱা পথবোৰ অৱৰোধ কৰি পেলায়।’’

‘‘আমাৰ চৰকাৰে নলা-নৰ্দমাৰ এই গেডবোৰ অতি তৎপৰতাৰে নিষ্কাশন কৰাত কম সময়ৰ ভিতৰতে এতিয়া পানী ওলাই যোৱা পৰিলক্ষিত হৈছে । এই প্ৰচেষ্টা আমি অব্যাহত ৰাখিম । যাৰ ফলত আগতে দুই-তিনিদিন লৈকে পানী জমা হৈ থকা পথবোৰ এতিয়া মাত্ৰ এক-দুই ঘন্টাতে পানী ওলাই যাব পাৰিছে।’’

তেওঁ আৰু কয়, ‘‘এইখিনিতে মই আকৌ এবাৰ চেটেলাইটৰ পৰা সংগ্ৰহ কৰা ছবিখন চাবলৈ সংশ্লিষ্ট সকলোকে অনুৰোধ জনালো। ছবিখন চালেই গম পোৱা যায় ইউ এছ টি এম স্থাপনৰ নামত মেঘালয়ৰ পাহাৰখন কি ধৰণে ধ্বংস কৰা হৈছে ! এটা সময়ৰ সেউজ পাহাৰখন টকলা কৰি পেলোৱাত আজি বৰষুণ দিলেই মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলেই মহানগৰীৰ এক বৃহৎ অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি কৰে।’’

‘‘মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীৰ ঢল বোৱাই নিবলৈ আমাৰ চৰকাৰে দুটা নলা নিৰ্মাণ কৰিবলৈ পৰিকল্পনা হাতত লৈ ইতিমধ্যে কাম আৰম্ভ কৰিছে। ইয়াৰে এটা হৈছে কইনাধৰা-গুৰুদ্বাৰ-পামহী হৈ দীপৰ বিলৰে ব্ৰহ্মপুত্ৰলৈ আৰু আনটো জুৰিপাৰ-শিলসাকো-বোন্দাজান হৈ ব্ৰহ্মপুত্ৰলৈ পানী বোৱাই নিয়া হ'ব। এই দুটাৰে পানীখিনি ওলাই গ'লে মেঘালয়ৰ পৰা নামি অহা পানীৰ পৰা আমি কিছু পৰিত্ৰাণ পাম।’’ তেওঁ কয়৷

‘‘মহানগৰী গুৱাহাটীৰ নাগৰিকক সকাহ দিবলৈ আমাৰ চৰকাৰে সম্ভাব্য সকলো প্ৰচেষ্টা আৰু পদক্ষেপ গ্ৰহণ কৰিছে। নাগৰিকক সকাহ দিয়াৰ উদ্দেশ্যেই কাম কৰিবলৈ আমাৰ চৰকাৰ বদ্ধপৰিকৰ।" 
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইউ এছ টি এমৰ পাহাৰ ধ্বংস কৰাৰ যি দৃশ্য দেখুৱাইছে সেই দৃশ্যই পাহাৰ ধ্বংস কৰি চলাই থকা নিৰ্মাণ কাৰ্যক প্ৰমাণ কৰিছে যদিও এই কথাও সত্য যে মেঘালয়ৰ সেই পাহাৰৰ ঠিক বিপৰীতে থকা আমচিং অভয়াৰণ্য আৰু ইয়াৰ পাহাৰ অঞ্চলতো চলিছে অবৈধ বেদখল আৰু পাহাৰ ধ্বংসৰে নিৰ্মাণ কাৰ্য।

আমচিং বনাঞ্চল অঞ্চলত গঢ়ি উঠিছে অট্টালিকা, ব্যৱসায়ীক প্ৰতিষ্ঠান আদি। গুৱাহাটীক চাৰিওফালেই যিহেতু পাহাৰে আৱৰি আছে সেয়ে এই পাহাৰৰ পানী নামি অহাৰ লগে লগেই কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মন্ত্ৰী বৰুৱাই গুৱাহাটীৰ নলাসমূহ নিৰ্মাণ তথা পৰিষ্কাৰ কৰাৰ কথা কৈছে যদিও দৰাচলতে সেয়া সম্পূৰ্ণ সত্য নহয়। বাৰিষাৰ ঠিক আগে আগে চলা এই পৰিষ্কাৰকৰণ আৰু নিৰ্মাণ কাৰ্য এতিয়াও আধৰুৱা হৈ আছে।

প্ৰতিটো পথ, উপ-পথত এতিয়াও আধৰুৱা হৈ থকা তেনে নলা জনসাধাৰণৰ দৃষ্টিত স্পষ্টকৈ ধৰা দিছে। ইফালে গুৱাহাটীৰ পানী বাহিৰলৈ ওলাই যোৱাৰ বাবে নাই সঠিক ব্যৱস্থা। বেদখলৰে সংকুচিত কৰি অনা ভৰলু অকলেই গুৱাহাটীৰ পানী বহন কৰিব পৰা ক্ষমতা হেৰুৱাই পেলাইছে। বাহিনী নৈখনো এটা ক্ষুদ্ৰ নলালৈহে ৰূপান্তৰ হ’ল।

আনহে নালাগে খোদ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বোন্দাজান দখল কৰি তেওঁৰ বাসগৃহলৈ যোৱাৰ পথ নিৰ্মাণৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈ আহিছে। শাসক পক্ষৰে আন কেইবাজনো বিধায়কৰ বিৰুদ্ধে আছে জলাশয় পুতি নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ।

আমচিং অভয়াৰণ্যৰ অন্তৰ্গত ইক’ ছেনচিটিভ জ’নত মুকলিকৈ এস্কেভেটৰেৰে পাহাৰ খনন কৰি নিৰ্মাণ কাৰ্য চলোৱাৰ দৃশ্য প্ৰকাশ পাইছিল সংবাদ মাধ্যমত। একেদৰেই গুৱাহাটীৰ পানীখাইতিতো মুকলিকৈয়ে পাহাৰ খনন কৰি চলি আছে নিৰ্মাণ কাৰ্য। এইসমূহৰ বাবে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা নহয় নেকি? এই প্ৰশ্নও এতিয়া উত্থাপন হৈছে। 

এই কথা সত্য যে, মেঘালয়ৰ পাহাৰত থকা ইউ এছ টি এম আৰু ইয়াৰ কাষৰ অঞ্চলসমূহত ব্যাপক হাৰত পাহাৰ খনন হৈছে। ফলত পাহাৰৰ পানী নামনিলৈ নামি আহিছে। কিন্তু তাৰ সমান্তৰালকৈ গুৱাহাটীত চলি থকা অবৈধ বেদখল, পাহাৰ খনন, নিৰ্মাণ কাৰ্য, জলাশয়, বীল আদিৰ বেদখল আৰু তাত হোৱা অবৈধ নিৰ্মাণো সমানেই কৃত্ৰিম বানৰ বাবে জগৰীয়া। এই কথাও মন্ত্ৰী বৰুৱাই স্বীকাৰ কৰি ইয়াৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰাটো সময়ৰ দাবী।

কৃত্ৰিম বান গুৱাহাটীৰ বানপানী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা