পিতৃক ড্ৰাগছৰ বেজি দি পুত্ৰই লুটিলে চিকিৎসাৰ বাবে থোৱা ধন, আত্মহনন...

নিচাজাতীয় দ্ৰব্যৰ কবলত পৰি একাংশ যুৱক-যুৱতীয়ে ধ্বংসৰ গৰাহলৈ গতি কৰিছে।
পিতৃক ড্ৰাগছৰ বেজি দি পুত্ৰই লুটিলে চিকিৎসাৰ বাবে থোৱা ধন, আত্মহনন...

ডিজিটেল ডেস্ক: নিচাজাতীয় দ্ৰব্যৰ কবলত পৰি একাংশ যুৱক-যুৱতীয়ে ধ্বংসৰ গৰাহলৈ গতি কৰিছে। ৰাজ্য চৰকাৰে ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে বহু ব্যৱস্থা হাতত লৈছে যদিও এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ব্যৱসায়। ইয়াৰ মাজতে দেওবাৰে মহানগৰীৰ নুনমাটিত এক ভয়ংকৰ ঘটনা সংঘটিত হয়।

ড্রাগছৰ বেজীৰে পিতৃক সংজ্ঞাহীন কৰি পুত্রই লুটিলে ধন। ড্ৰাগছ আসক্ত পুত্ৰ ৰাহুল দাসে পিতৃৰ চিকিৎসাৰ বাবে থোৱা ৩.৫০ লাখ টকা লুটি নিয়ে। পিতৃ বুলু দাসৰ সংজ্ঞা ঘূৰি অহাৰ পিছত সমস্ত ঘটনাৰ বিষয়ে অৱগত হৈ আত্মহননৰ বাট বিচাৰি লয়।

নুনমাটিৰ বাপুজী নগৰত সংঘটিত হৈছে এই জঘন্য ঘটনা। এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনা স্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বৰ্তমান পলাতক অৱস্থাত আছে ৰাহুল দাস আৰু তেওঁৰ পত্নী।

আৰু পঢ়ক:

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in