গহপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ তদন্তৰ প্ৰতিবেদনত নিৰ্দোষী প্ৰমাণিত লাট মণ্ডল বিকাশ মুদৈ

গহপুৰ ৰাজহ চক্ৰৰ পোকপৰা গাঁৱৰ ১০১ নং ম্যাদী পট্টাৰ ২৪৮,১৫১,২৫৩,২৫৪,২৫৫ আৰু ৩০৭ নং দাগত থকা ৪ বিঘা,৩ কঠা,১১ লোচা মাটি কুহিৰাম চুতীয়াৰ পৰা তেওঁৰ অজ্ঞাতে ২০২১ চনত দিগন্ত বৰুৱাৰ নামত নামজাৰি কৰি দিয়া বুলি

author-image
Asomiya Pratidin
New Update
মাটিক লৈ হোৱা বিতৰ্কৰ অৱসান

ডিজিটেল সংবাদ, গহপুৰ : গহপুৰ ৰাজহ চক্ৰৰ পোকপৰা গাঁৱৰ ১০১ নং ম্যাদী পট্টাৰ ২৪৮,১৫১,২৫৩,২৫৪,২৫৫ আৰু ৩০৭ নং দাগত থকা ৪ বিঘা,৩ কঠা,১১ লোচা মাটি কুহিৰাম চুতীয়াৰ পৰা তেওঁৰ অজ্ঞাতে ২০২১ চনত দিগন্ত বৰুৱাৰ নামত নামজাৰি কৰি দিয়া বুলি এটা দুষ্ট চক্ৰই বিভিন্ন মাধ্যমৰ জৰিয়তে লাট মণ্ডল বিকাশ মুদৈৰ বিৰুদ্ধে অনাহকত অপপ্ৰচাৰ চলাইছিল। এই সন্দৰ্ভত চক্ৰ বিষয়া মনীষ ভড়ালীয়ে দিয়া বিভাগীয় তদন্তত সমগ্ৰ অভিযোগ মিছা আৰু উদ্দেশ্যপ্ৰণোদিত বুলি প্ৰমাণিত হৈছে।

Advertisment

লাট মণ্ডল মুদৈৰ নাম সাঙুৰি গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়টোক অযথা বদনামী কৰি তোলা দুষ্টচক্ৰটোৰ এই অপপ্ৰচাৰৰ বিৰুদ্ধে চক্ৰ বিষয়া মনীষ ভড়ালীয়ে এক তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ভূমিলেখ্য পৰ্য্যবেক্ষক উত্তম বৰা আৰু ভূমিলেখ্য সহায়ক ভৰত চন্দ্ৰ দাসক। সেই অনুসৰি-তেওঁলোকে উক্ত অভিযোগ সন্দৰ্ভত শুকুৰবাৰে তদন্তৰ প্ৰতিবেদন যুগুত কৰি শনিবাৰে গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ হাতত দাখিল কৰে।

বিভাগীয় তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি- আপত্তিকাৰী কুহিৰাম চুতিয়া, তেওঁৰ পত্নী বুলু বৰুৱা চুতীয়াই বিভিন্ন মাধ্যমযোগে প্রকাশ কৰা অভিযোগৰ ওপৰত ভূমিলেখ্য নথি পৰীক্ষা কৰি দেখা যায় যে, গহপুৰ মৌজাৰ পোকপৰা গাঁৱৰ ১০১ নং ম্যাদী পট্টাৰ ১৫১ নং দাগে ২ কঠা ১০ লোছা, ২৫৩ নং দাগে ১ কঠা ৫ লোছা, ২৫৪ নং দাগে ১ বিঘা ১ কঠা ১৬ লোছা, ২৫৫ নং দাগে ১ বিঘা ২ কঠা মাটিৰ পূৰ্ব পট্টাদাৰ মৃত নুতন চন্দ্ৰ বৰুৱাৰ হলত উত্তৰাধিকাৰী সূত্রে নামজাৰি হৈ পট্টাদাৰ ক্ৰমে ১) সৌৰভ বৰুৱা, ২) দিগন্ত বৰুৱা ৩) হাছনা বৰুৱা ৪) ৰোহিনী বৰুৱাৰ নামত পট্টা চলি আছে।

একেদৰে উক্ত পট্টাৰ ২৪৮ নং দাগে ১ বিঘা মাটিত পূৰ্বৰ পট্টাদাৰ ক্ৰমে মৃত নুতন চন্দ্ৰ বৰুৱা, মৃত হেমেশ্বৰ বৰুৱাৰ স্থলত উত্তৰাধিকাৰী সূত্রে উত্তৰাধিকাৰীগণ ক্রমে ১) সৌৰভ বৰুৱা, ২) দিগন্ত বৰুৱা আৰু ৩) ৰুহিনী বৰুৱা, ৪) ধৰ্মেশ্বৰ বৰুৱা আৰু ৫) ডিম্বেশ্বৰ বৰুৱাৰ নামত নামজাৰি হৈ এজমালি পট্টা চলি আছে। 

আনহাতে উক্ত ১০১ নং ম্যাদী পট্টাৰ ৩০৭ নং দাগে ১ কঠা মাটিতহে পট্টাদাৰ মৃত মুহিৰাম চুতীয়াৰ স্থলত উত্তৰাধিকাৰী সূত্রে ১) তব চুতীয়া আৰু ২) কুহিৰাম চুতীয়াৰ নামত নামজাৰি হোৱাৰ পৰৱৰ্তী উত্তৰাধিকাৰী সূত্রে মৃত তব চুতীয়াৰ স্থলত ক্রমে ১)কংকনা বৰা, ২) চিলা বৰাৰ নামত নামজাৰি হৈ পট্টা চলি আছে। 

উল্লেখযোগ্য যে উক্ত ১০১ নং পট্টাৰ ২৪৮ নং দাগৰ মাটিৰ পট্টাদাৰ মৃত নুতন চন্দ্ৰ বৰুৱাৰ স্থলত উত্তৰাধিকাৰী সূত্রে নামজাৰি বিচৰা আবেদন মর্মে গাঁও প্রধান জিতেন ভূঞাই দিয়া উত্তৰাধিকাৰীৰ প্ৰমাণপত্ৰৰ মতে লাট মণ্ডল বিকাশ মুদৈয়ে দিয়া প্রতিবেদনৰ ভিত্তিত যোৱা ইং- ১৯/১২/২০২১ তাৰিখে ৰাজহ চক্র বিষয়াই দিয়া হুকুম মর্মে উক্ত পট্টাদাৰ মৃত নুতন চন্দ্ৰ বৰুৱাৰ স্থলত উত্তৰাধিকাৰী গণ ক্রমে ১) দিগন্ত বৰুৱা, ২) সৌৰভ বৰুৱা আৰু ৩) ৰোহিনী বৰুৱাৰ নামজাৰি হৈ এজামালি পট্টা চলি থকা বুলি নথিয়ে স্পষ্ট কৰি তুলিছে। 

উক্ত ২৪৮ নং দাগত আপত্তিকাৰী কুহিৰাম চুতিয়াৰ নামত নথি মতে নামজাৰি থকা দেখা নাযায় বুলি তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। তদন্তৰ প্ৰতিবেদনৰ লগত উক্ত ১০১ নং ম্যাদী পট্টাৰ জমাবন্দী আৰু চিঠা নকল কপি গাঠি দিয়া হৈছে।

চৰকাৰীভাৱে সংৰক্ষিত তথ্য-প্ৰমাণ নোচোৱাকৈ অনাহকত এগৰাকী লাট মণ্ডলৰ লগতে চক্ৰ বিষয়াৰ কাৰ্য্যলয়টোক অযথা বদনামী কৰি তোলা কাৰ্য্যক সকলোৱে একেমুখে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে। এই সম্পৰ্কে ইতিমধ্যে এক তথ্য সমৃদ্ধ প্ৰতিবেদন প্ৰকাশ পাইছে বাতৰি কাকতত।

gohpur