এপিএছচি সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ পূৰ্বে পৰ্যালোচনা বৈঠক

বাক্সাৰ মুঠ ৩৪৬ গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰিব। জিলা আয়ুক্ত গৌতম দাসে জনাই যে পৰীক্ষা নিৰ্ভুল, সুৰক্ষিত আৰু স্বচ্ছভাৱে সম্পন্ন কৰিবলৈ এপিএছচিৰ নিৰ্দেশনা অনুসৰি সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
1baksaaa

ডিজিটেল সংবাদ,বাক্সাঃ  আগন্তুক এপিএছচি সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা, ২০২৪-ৰ লগত সংগতি ৰাখি আজি বাক্সা জিলাৰ মুছলপুৰৰ ওচৰৰ বাথৌফুৰিত থকা জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। 

Advertisment

ৰাজ্যৰ আন আন ঠাইৰ লগতে বাক্সা জিলাৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এপিএছচিৰ পৰীক্ষা অহা ৮ জুনত  অনুষ্ঠিত হ’ব। অসম লোকসেৱা আয়োগৰ অধ্যক্ষ  দেৱৰাজ উপাধ্যায়ে সভাপতিত্ব কৰা এই বৈঠকত জিলা আয়ুক্ত গৌতম দাস, আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱা, সহকাৰী আয়ুক্ত জিতুৰাজ গগৈৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। 

সভাখনত পৰীক্ষাৰ সময়সূচী, লগিষ্টিক ব্যৱস্থা আৰু সুৰক্ষা ব্যৱস্থাৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। বাক্সা জিলাৰ মুঠ ৩৪৬ গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰিব। জিলা আয়ুক্ত গৌতম দাসে জনাই যে পৰীক্ষা নিৰ্ভুল, সুৰক্ষিত আৰু স্বচ্ছভাৱে সম্পন্ন কৰিবলৈ এপিএছচিৰ নিৰ্দেশনা অনুসৰি সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন আৰু আন সকলো ধৰণৰ ইলেক্ট্ৰনিক সঁজুলিৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব বুলি কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। প্ৰাৰ্থীসকলে কেৱল নীলা বা ক’লা বলপইণ্ট পেন হে ব্যৱহাৰ কৰিব লাগিব।

অসম লোকসেৱা আয়োগৰ সন্মানীয় অধ্যক্ষ গৰাকীয়ে পৰীক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়াত উচ্চতম নৈতিকতা আৰু স্বচ্ছতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলো বিষয়া-কর্মচাৰীক নীতি-নিয়ম কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনায়।

বাক্সা baksa