কাৰ্বি আংলঙত ৩ নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰীক ২০ বছৰ সশ্ৰম কাৰাদণ্ড

২১ চি / ২২ চি আইনৰ অধীনত আদালতে ৩ দোষীক বিৰুদ্ধে এই সিদ্ধান্ত লয়। ৩ সৰবৰাহকাৰীৰ ভিতৰত এজন মণিপুৰৰ ৰাজেশ লাফাংগী। প্ৰাপ্ত তথ্য অনুসৰি, সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে ডালাই থানাত ২৩/ ২২ নম্বৰত কেছ ৰুজু হৈছিল।

author-image
Asomiya Pratidin
New Update
sdfswf

ডিজিটেল সংবাদ,কাৰ্বি আংলংঃ  কাৰ্বি আংলঙত ৩ ড্ৰাগছ সৰবৰাহকাৰীক ২০ বছৰ সশ্ৰম কাৰাদণ্ড বিহে আদালতে। প্ৰাপ্ত তথ্য অনুসৰি, ২১ চি / ২২ চি আইনৰ অধীনত আদালতে ৩ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে এই সিদ্ধান্ত লয়। আদালতে তিনিওজনক ২ লাখ টকা পৰ্যন্ত জৰিমণা বিহে।

Advertisment

৩ সৰবৰাহকাৰীৰ ভিতৰত এজন মণিপুৰৰ ৰাজেশ লাফাংগী বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে ডালাই থানাত ২৩/ ২২ নম্বৰত কেছ ৰুজু হৈছিল। মণিপুৰৰ পৰা ১০ কোটি টকা মূল্যৰ ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে ডিলাই আৰক্ষীৰ তালচীত ড্ৰাগছ সহ ধৰা পৰিছিল ৩ সৰবৰাহকাৰী।

কাৰ্বি আংলং