/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b9a07310-6231-431f-8efc-619852dd8a21/4.jpg)
ডিজিটৈল সংবাদ, শিলচৰ: কাছাৰত এইবাৰ বাৰ্মিজ চুপাৰী সৰবৰাহৰ নতুন কৌশল। আৰক্ষীৰ ভয়ত স্থল পথৰ পৰিৱৰ্তে জল পথেৰে বাৰ্মিজ চুপাৰী সৰবৰাহ চোৰাং ব্যৱসায়ীৰ। ইয়াৰ পিছতো ৰক্ষা নহ'ল চুপাৰীৰ চোৰাং ব্যৱসায়ীৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/5fc4a33c-c40c-4968-bc9f-0d3d1658d3f7/2a604827_e0f0_42eb_a3da_228ea4566833.jpg)
মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰৰ পৰিৱৰ্তে নদী পথেৰে মিজোৰামৰ পৰা চুপাৰী সৰবৰাহৰ সময়ত কাছাৰ আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী। আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বতত সোনাই থানাৰ অ'চি মহাত্ম মানস সন্দিকৈয়ে অভিযান চলাই মিজোৰাম সীমান্তৰ জোৰখালৰ পৰা জব্দ কৰে ৫০০ বস্তা বাৰ্মিজ চুপাৰী। জব্দ কৰা চুপাৰীৰ ওজন প্ৰায় ২০ হাজাৰ কেজি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/404365b4-8511-4a6a-9176-d5a4272f76fb/43c1024e_c555_40cb_8955_6a5600824af2.jpg)
সোণাই নদীৰে সৰবৰাহ কৰি জংঘলত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰা হয় এই বুজন পৰিমাণৰ চুপাৰীখিনি। জব্দকৃত চুপাৰীখিনিৰ বজাৰ মূল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/61054ea9-437e-4f77-9e13-26f5651b96a5/c89e868c_5f8f_4434_82d7_b5e8cbd42ff9.jpg)
চুপাৰীসমূহ মিজোৰামৰ ছাইফাইৰ পৰা পালা মাৰ ওৰফে লাল ৰকুং মাৰে নদীপথেৰে সৰবৰাহ কৰা বুলি দাবী কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে এখন মটৰবোট আৰু দুটা মটৰো জব্দ কৰে। এই সংক্ৰান্তত সোণাই থানাত এটি গোচৰ ৰুজু কৰি চুপাৰী সৰবৰাহকাৰী সকলক গ্ৰেপ্তাৰৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0e069dc6-19c4-4836-b450-bb18b119cb88/6598efa3_8a59_48f5_8b00_a6a068602d8c.jpg)
Also Read: মহানগৰীত নকল নোটসহ আটক ব্যৱসায়ী