শিলচৰত প্ৰায় ৩.১১ কোটিৰ নিষিদ্ধ সামগ্ৰী জব্দঃ এজনক গ্ৰেপ্তাৰ...

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য। গোপন তথ্যৰ ভিত্তিত শিলচৰৰ ৰাম নগৰ ISBT ত এক বিশেষ অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। 

author-image
Tushar Pratim
New Update
শিলচৰত প্ৰায় ৩.১১ কোটিৰ নিষিদ্ধ সামগ্ৰী জব্দঃ এজনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য। গোপন তথ্যৰ ভিত্তিত শিলচৰৰ ৰাম নগৰ ISBT ত এক বিশেষ অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। 

Advertisment

বিহাৰৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক তালাচী চলাই আৰক্ষীয়ে ৬২২ গ্ৰাম হেৰ'ইন জব্দ কৰে। ৫০ টা চাবোনৰ বাকচত লুকুৱৱাই আনিছিল হেৰ'ইনখিনি। 

নিচাজাতীয় সামগ্ৰীখিনি পৰীক্ষা কৰাৰ পিছত সামগ্ৰীখিনি হেৰ'ইন বুলি নিশ্চিত হয় আৰক্ষী। জব্দ কৰা হেৰ'ইনখিনিৰ ক'লা বজাৰত মূল্য প্ৰায় ৩ কোটি ১১ লাখ টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে।‌ 

ইফালে, ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বিহাৰৰ হাজিপুৰৰ ৰামেশ্বৰ ৰয় নামৰ সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা মতে জব্দ কৰা হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মণিপুৰৰ সৰবৰাহ কৰি বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ধৃত লোক জনে।

এই বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰা বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেচবুক একাউণ্টত কাছাৰ আৰক্ষীক ধন্যবাদ জনাইছে। 

ড্ৰাগছ বিৰোধী অভিযান