/asomiyapratidin/media/media_files/2025/05/19/JW34UTyYCslDZIxJgO0W.jpg)
ডিজিটেল সংবাদ শিলচৰ: শিক্ষা,সংস্কৃতি আৰু সামাজিক ক্ষেত্রত বিশেষ অবদান আগবঢ়োৱাৰ বাবে প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বিশিষ্ট শিক্ষাবিদ কবীন্দ্র পুৰকায়স্থক "বৰাক প্রহৰী " সম্মান প্ৰদান কৰিলে অসম সাহিত্য সভাই। বৰাক - ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত সমন্বয় স্থাপনৰ লক্ষ্যৰে "সেতুবন্ধ যাত্ৰা" কাৰ্যসূচী লৈ বৰাকত বাহৰ পতা সাহিত্য সভাৰ প্ৰতিনিধি দল এটাই সোমবাৰে কবীন্দ্ৰ পুৰকায়স্হৰ শিলচৰস্থিত বাসগৃহ লৈ গৈ এই বৰাক প্ৰহৰী উপাধি প্ৰদান কৰে।
সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে ফুলাম গামোচা আৰু এটি জাপি পিন্ধাই কবীন্দ্ৰ পুৰকায়স্থৰ হাতত বৰাক প্ৰহৰী উপাধিৰ স্মাৰক প্ৰদান কৰে। ৯৫ বছৰীয়া কবীন্দ্ৰ পুৰকায়স্থ বৰ্তমান বাৰ্ধক্যজনিত কাৰণত শয্যাগত হৈ আছে।
বৰাক প্ৰহৰী সন্মান প্ৰদান কৰি সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী আৰু সম্পাদক প্ৰধান দেবজিত বৰাই কয় যে যি কেইজন বিশিষ্ট ব্যক্তিৰ সামাজিক অৱদানে বৰাক উপত্যকাক কিংবদন্তী অঞ্চল হিচাপে পৰিগণিত কৰিছে, তেনে এজন ব্যক্তি হৈছে কবীন্দ্ৰ পুৰকায়স্থ। একালৰ অধ্যাপক তথা মানৱতাবাদী ৰাজনীতিবিদ কবীন্দ্ৰ পুৰকায়স্থ।
তেখেতৰ ৰাজনীতিয়ে সমাজখনক সদায় শৃংখলিত কৰি ৰাখিলে। কবীন্দ্ৰ পুৰকায়স্থৰ ৰাজনীতিৰ কৃতকৰ্মই বহুতো গুণমুগ্ধই আজিও তেখেতৰ প্ৰতি আকৃষ্ট কৰি ৰাখিছে। গতিকে বৰাক উপত্যকাৰ প্ৰহৰী হিচাপে এই মুহূৰ্তত অসম সাহিত্য সভাই কবীন্দ্ৰ পুৰকায়স্থকে বিবেচিত কৰিছে। সেয়ে, সাহিত্য সভাৰ আদৰ্শ আৰু দৰ্শন অনুসৰি কবীন্দ্ৰ পুৰকায়স্থক আজি এই বৰাক প্ৰহৰী স্বীকৃতি প্ৰদান কৰা হয়।
ইফালে, বৰাক উপত্যকাৰ বিশিষ্ট শিক্ষাবিদ কবীন্দ্ৰ পুৰকায়স্থক বৰাক প্ৰহৰী উপাধি প্ৰদান কৰি অসম সাহিত্য সভাই কেৱল এজন ব্যক্তিকে নহয়, বৰং এজন চিন্তাশীল নেতৃত্ব আৰু এজন নিষ্ঠাবান সমাজ সেৱীক সন্মানিত কৰা বুলি মন্তব্য কৰে কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ কনাদ পুৰকায়স্থই। এই উপাধি প্ৰদান কৰা বাবে তেওঁ অসম সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰে।