/asomiyapratidin/media/media_files/2025/05/22/vU6yuSfZTZFrOEyTZ0PH.jpg)
ডিজিটেল সংবাদ শিলচৰ: ড্ৰাগছৰ পিছত এইবাৰ নকল জালনোটৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান। গোপন তথ্যৰ ভিত্তিত সোণাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিৎ নাথৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই এখন অটোৰিক্সাৰ পৰা ১২৬ খন ৫০০ টকীয়া ভাৰতীয় জালনোট জব্দ কৰে।
জালনোটৰ সৈতে আৰক্ষীয়ে সোণাই নগদিৰগ্ৰামৰ ছেলিম উদ্দিন লস্কৰ নামৰ এজন জালনোটৰ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে সদৰী কৰা মতে, ধৃত ছেলিম উদ্দিনে জালনোট খিনি শিলচৰ ISBT ত এজন লোকৰ হাতত দিবলৈ এখন অটোৰে গৈছিল।
গোপন তথ্যৰ ভিত্তিত এই খবৰ পোৱাৰ পিছত আৰক্ষীয়ে সোণাই কাজিডৰত অটোখনত অভিযান চলাই জব্দ কৰে জালনোটখিনি। জালনোটৰ লগতে ছেলিম উদ্দিনৰ পৰা জালনোট সৰবৰাহ কৰা অটোখন আৰু এটা মোবাইল ফোন জব্দ কৰে।