যথাযোগ্য মৰ্যাদাৰে বৰাকত ভাষা শ্বহীদ দিৱস উদযাপন

ভাষা শ্বহীদ দিৱস উপলক্ষে সোমবাৰে শিলচৰ ৰে'ল ষ্টেচন আৰু শ্মশান ঘাটত থকা শ্বহীদ বেদীত পুষ্পাঞ্জলি আৰু মাল্যৰ্পণ কৰি শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে শিলচৰৰ হাজাৰ হাজাৰ লোকে।

author-image
Asomiya Pratidin
New Update
1 barak

ডিজিটেল সংবাদ,শিলচৰ: প্ৰতি বছৰৰ দৰে এইবাৰো যথাযোগ্য মৰ্যাদাৰে বৰাক উপত্যকাত পালন কৰা হ'ল ১৯ মে' ভাষা শ্বহীদ দিৱস। ১৯৬১ চনত বঙালী ভাষা প্ৰচলনৰ আন্দোলনত প্ৰাণাহুতি দিয়া বৰাকৰ ১১ গৰাকী শ্বহীদৰ স্মৃতিত প্ৰতিবছৰে ১৯ মে'ৰ দিনটো ভাষা শ্বহীদ দিৱস হিচাপে পালন কৰা হয় বৰাক উপত্যকাত।

Advertisment

1

এই ভাষা শ্বহীদ দিৱস উপলক্ষে সোমবাৰে শিলচৰ ৰে'ল ষ্টেচন আৰু শ্মশান ঘাটত থকা শ্বহীদ বেদীত পুষ্পাঞ্জলি আৰু মাল্যৰ্পণ কৰি শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে শিলচৰৰ হাজাৰ হাজাৰ লোকে। মাল্যৰ্পণ কৰে মন্ত্ৰী কৌশিক ৰায়, বিধায়ক দিপায়ন চক্রৱর্তী, মিহিৰ কান্তি সোম, পশ্চিমবংগৰ ৰাজ্য সভাৰ সাংসদ সুস্মিতা দেৱ, প্ৰাক্তন বিধায়ক দিলীপ কুমাৰ পাল, বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, বিভিন্ন দল সংগঠন সহ অগণন লোকে।‌

শ্বহীদৰ প্ৰতি সন্মান জনাই মন্ত্ৰী কৌশিক ৰায়ে কয় যে দীৰ্ঘকাল ধৰি ভাষাৰ নামত বৰাক আৰু উপত্যকাৰ মাজত এক সংঘাত চলি আহিছিল। কিন্তু এইবেলি প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ নেতৃত্বত এটি প্ৰতিনিধি দলে শিলচৰলৈ আহি শ্বহীদ সকলৰ বেদীত শ্ৰদ্ধা জ্ঞাপন কৰিছে। এইটো অত্যন্ত তাৎপৰ্যপূৰ্ণ বিষয়। ইয়াৰ জৰিয়তে দুয়ো উপত্যকাৰ মাজত যদি কোনো বিভাজন থাকে সেয়া নোহোৱা হ'ব।

2

 ইফালে, শিলচৰৰ বিধায়ক দিপায়ন চক্রবর্তীয়ে  একাদশ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই কয় যে, অসম সাহিত্য সভা আৰু বঙালী সাহিত্য সভা (অসম) ৰ সভাপতি সম্পাদক সমন্বিতে দুয়োটা জাতীয় সংগঠনৰ প্ৰতিনিধি সকলে এইবাৰ প্ৰথমবাৰৰ বাবে শিলচৰত উপস্থিত হৈ একাদশ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।‌

লগতে শিলচৰ ষ্টেচনক ভাষা শ্বহীদ ষ্টেচন হিচাপে নামাকৰণ কৰাৰ বাবে বৰাকবাসীয়ে দীৰ্ঘদিন ধৰি কৰি অহা সংগ্ৰামৰ প্ৰতি সমৰ্থন জনোৱা বিষয়টো ঐতিহাসিক ঘটনা। অসম সাহিত্য সভাই বিষয়টো লিখিত ভাবে ৰাজ্য চৰকাৰক অবগত কৰাব বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

3

বৰাক