কংগ্ৰেছ মানে ৰাহুল-প্ৰিয়ংকাই নেকি! ৰাজ্যত নাই নিৰ্বাচনী উম-ঘাম…

কংগ্ৰেছ মানে ৰাহুল-প্ৰিয়ংকাই নেকি! ৰাজ্যত নাই নিৰ্বাচনী উম-ঘাম…

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ

ডিজিটেল ডেস্কঃ সন্মুখত নিৰ্বাচন। নিৰ্বাচন বুলিলেই ব্যস্ততা। কিন্তু অসমত দেখা পাইছে জানো বিজেপিৰ বাদে আন ৰাজনৈতিক দলৰ নিৰ্বাচনৰ ব্যস্ততা। টিকটৰ পিছত দৌৰি আছে কংগ্ৰেছৰ নেতা। দিল্লীতে বাহৰ পাতি আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।আনহে নালাগে, ৰাষ্ট্ৰীয় পৰ্যায়তো ৰাহুল আৰু প্ৰিয়ংকাৰ বাদে আন কোনো নেতাৰ নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা নাই ৰাইজে।

Advertisment

ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীহে যেন এতিয়া কংগ্ৰেছ। অসমতো তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ নাই কোনো তৎপৰতা। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আটাইকেইটা সমষ্টিৰ প্ৰাৰ্থীৰ নামে ঘোষণা কৰিব পৰা নাই বিজেপি আৰু কংগ্ৰেছে। অৱশ্যে তাৰ মাজতে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছিল হিমন্ত বিশ্ব শৰ্মা।

বিজেপিয়ে এমাহৰ পূৰ্বে ৰাজ্যখনত আৰম্ভ কৰিছিল নিৰ্বাচনী প্ৰচাৰ আৰু ৰণকৌশল। নিযুক্তি দিছিল ভোটাৰ তালিকাৰ প্ৰতিটো পৃষ্ঠাৰ বাবে একো একো প্ৰভাৰী। ভোটাৰৰ তালিকাৰ প্ৰতিটো পৃষ্ঠাত থকা ভোটাৰসকলৰ সৈতে যোগাযোগৰ দায়িত্ব দিয়া হৈছিল এওঁলোকক। কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে আহি মহানগৰীত এখন জনসভা সম্বোধন কৰাৰ বাদে বিশাল জনসভাও এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই।

ইফালে, ২০১৪ৰ লোকসভা নিৰ্বাচন ঘোষণাৰ পূৰ্বৰে পৰা প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে মোডীক প্ৰক্ষেপ কৰি বিজেপিয়ে চলাইছিল ব্যাপক প্ৰচাৰ। এইবাৰ কিন্তু বিজেপি নেতৃত্বাধীন এন ডি এ-য়ে এতিয়ালৈকে কাকো প্রধানমন্ত্ৰীৰ প্ৰাৰ্থীক স্পষ্ট কৰা নাই। আকৌ এবাৰ মোডী চৰকাৰ শ্ল'গানেৰে প্ৰচাৰ চলাইছিল যদিও, সেয়া পূৰ্বৰ দৰে ব্যাপক নহয়। সেয়েহে পুনৰ আৰম্ভ কৰিছে  'চকীদাৰ' আন্দোলন।

২০১৯ৰ লোকসভা নিৰ্বাচনত শাসক-বিৰোধী কোনো দলৰে হাতত নাই মূল ইছ্যু। বিজেপিয়ে যদি পাকিস্তানৰ বিৰুদ্ধে চলোৱা এয়াৰ ষ্ট্ৰাইকক ক'ৰবাত ইছ্যু কৰিছে, কংগ্ৰেছে ইয়াৰ বিৰোধিতাৰে ৰাফেল, নিবনুৱা সমস্যা, মোডীৰ প্ৰতিশ্ৰুতি আদিক লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে। কিন্তু কোনো এটা ইছ্যুৱেই স্থান পোৱা নাই জনসাধাৰণৰ মাজত।