ধাৰাসাৰ বৰষুণৰ বাবে বন্ধ গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা

এনে সময়তে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাৰি কৰিছে এক নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি সাময়িকভাৱে বন্ধ ৰখা হৈছে ফেৰী সেৱা। গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ ৰাখিবলৈ নিৰ্দেশনাত উল্লেখ কৰে।

author-image
Asomiya Pratidin
New Update
ফেৰী

ডিজিটেল ডেস্ক : ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ বাবে ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল। ঠায়ে ঠায়ে গছ উভালি পৰাৰ ফলত যাতায়ত বন্ধ হোৱা বুলিও জানিব পৰা গৈছে।

এনে সময়তে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাৰি কৰিছে এক নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি সাময়িকভাৱে বন্ধ ৰখা হৈছে ফেৰী সেৱা। গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ ৰাখিবলৈ নিৰ্দেশনাত উল্লেখ কৰে। 

বতৰ ফৰকাল নোহোৱাপৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰে জল পৰিবহণ বিভাগে।

guwahati