/asomiyapratidin/media/media_files/2025/05/30/hp9nI08Q09136Wap7cFv.jpg)
ডিজিটেল ডেস্কঃ যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি, অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্ক সন্দৰ্ভত সাংসদগৰাকীক সোধ-পোছ কৰিবলৈ সাজু হৈছে বিষয়টোৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী গোটে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানৰে সম্পৰ্ক ৰক্ষা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছিল।
সাংসদগৰাকীৰ পত্নী এলিজাবেথ কোলবাৰ্ণ গগৈয়ে পাকিস্তানৰ এটা সংস্থাৰ সৈতে কাম কৰি থকাৰ বাবেই গৌৰৱ গগৈয়ে পাকিস্তা ভ্ৰমণ কৰি আই এছ আইৰ সৈতেও সম্পৰ্ক ৰক্ষা কৰা বুলি অভিযোগ উঠিছিল। এই অভিযোগৰ তদন্তৰ বাবে গঠন কৰা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে বিষয়টোৰ সন্দৰ্ভত সোধ-পোছ কৰিব গৌৰৱ গগৈক।
ইয়াৰ বাবে প্ৰয়োজন হ'ব লোকসভাৰ অধ্যক্ষৰ অনুমতি। এই প্ৰয়োজনীয় অনুমতি বিচাৰি এছ আই টিয়ে আবেদন কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ। লোকসভাৰ অধ্যক্ষই এই অনুমতি প্ৰদান কৰিলেই এছ আই টিয়ে সোধপোছৰ বাবে তলব কৰিব সাংসদগৰাকীৰ লগত তেওঁৰ পত্নীকো।
উল্লেখ্য যে, এই একেটা গোচৰতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাক তলব কৰিছিল এছ আই টিয়ে। প্ৰায় ৫ ঘণ্টা সময় তেওঁক জেৰা সোধপোছ কৰিছিল এছ আই টিয়ে। পৰৱৰ্তী সময়ত তেওঁক পুনৰ তলব কৰিব বুলিও জনাইছে তদন্তকাৰী বিষয়াই।
স্মৰ্তব্য, সাংসদ গৌৰৱ গগৈয়ে ইতিমধ্যে সংবাদ মেলৰ জৰিয়তে তেওঁ প্ৰায় ১৪/১৫ বছৰ পূৰ্বে পাকিস্তান ভ্ৰমণ কৰাৰ কথা স্বীকাৰ কৰিছে। তেওঁৰ পত্নীয়ে ফৰেইন পলিচিৰ ওপৰত কাম কৰি থকাৰ বাবেই তেওঁ সেই সময়ত নিৰ্দিষ্ট নিয়ম অনুসৰিয়েই পাকিস্তান ভ্ৰমণ কৰিছিল বুলি স্বীকাৰ কৰিছে।
কিন্তু তেওঁৰ বিৰুদ্ধে উত্থাপিত অন্যান্য অভিযোগক স্বীকাৰৰ কৰাৰ পৰিবৰ্তে সেইসমূহ ভিত্তিহীন আখ্যা দিছে। অৱশ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১০ ছেপ্টেম্বৰত এই সংক্ৰান্তিয় বহু বিস্ফোৰক তথ্য প্ৰকাশ কৰিব বুলি বাৰে বাৰে উল্লেখ কৰিছে।