বিদেশীৰ সন্দেহত ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ অভিযোগ এআইইউডিএফৰ

প্ৰতিবাদৰ অন্তত বাংলাদেশীৰ নামত ভাৰতীয়ৰ ওপৰত নিৰ্যাতন বন্ধৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতি লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে ।

author-image
Asomiya Pratidin
New Update
দিল্লীলৈ ৰাওনা এআইইউডিএফৰ অধিবক্তাৰ দল

দিল্লীলৈ ৰাওনা এআইইউডিএফৰ অধিবক্তাৰ দল

ডিজিটেল সংবাদ, ধুবুৰীঃ বিদেশীৰ সন্দেহত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত ধুবুৰীত এআইইউডিএফৰ প্ৰতিবাদ ৷ আন্তৰ্জাতিক প্ৰত্যাৱৰ্তন চুক্তি স্বাক্ষৰিত নকৰাকৈ ৰাজ্য চৰকাৰে স্বদেশী লোকক নিশাৰ ভিতৰতে বাংলাদেশী সজাই নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি ধুবুৰী জিলা আৰু বিৰসিং জৰুৱা এআইইউডিএফৰ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। 

Advertisment

প্ৰতিবাদৰ অন্তত বাংলাদেশীৰ নামত ভাৰতীয়ৰ ওপৰত নিৰ্যাতন বন্ধৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতি লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে । "এনেদৰে ৰাতিৰ এন্ধাৰত বাংলাদেশ পঠিয়াই দিয়াতকৈ আমাক পুলিচ লগাই গুলিয়াই মাৰক" বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীয়ে। ইতিমধ্যে এআইইউডিএফৰ অধিবক্তাৰ এটি দল দিল্লীলৈ ৰাওনা হৈছে। দেশৰ উচ্চতম ন্যায়লয়ত গোচৰ ৰুজু কৰিব এআইইউডিএফ দলে। ইপিনে এছিয়া হিউমেন ৰাইটছৰ প্ৰতিনিধিৰ দল অসমলৈ আহিব বুলি এআইইউডিএফয়ে জানিবলৈ দিয়ে। 

এআইইউডিএফ ধুবুৰী