/asomiyapratidin/media/media_files/2025/05/30/Rj3tgWXAk6D6KCXArHD0.jpg)
মৰ্মান্তিক
ডিজিটেল সংবাদ, নাজিৰা: নাজিৰাৰ গেলেকীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। পুত্ৰৰ বিয়োগৰ উমান পায় সেই শোক সহিব নোৱাৰি পিতৃয়েও সাবটি ললে কৰুণ মৃত্যুক। শুকুৰবাৰে গেলেকী কবৰস্থান আৰু জানাজা মৈদানত পিতা-পুত্ৰৰ দুয়োৰে একেলগে হ’ল জানাজা ৷ এই ঘটনাই এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷
নাজিৰাৰ গেলেকীৰ বাসিন্দা মিনাৰুল হুছেইন ব্যৱসায় সূত্ৰে বাস কৰিছিল মাৰ্ঘেৰিটাত৷ বুধবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ ৪২বছৰীয়া মিনাৰুল হুছেইনে মাৰ্ঘেৰিটাতেই সাবটিছিল অকাল মৃত্যুক৷ মিনাৰুলৰ বিয়োগৰ খবৰ পৰিয়ালৰ লোকক জনোৱা হৈছিল যদিও শাৰীৰিকভাৱে অসুস্থ পিতৃ চৰিফুল হুছেইনক জনোৱা হোৱা নাছিল। তাৰ পৰিৱৰ্তে পুত্ৰ মিনাৰুলে সামান্যভাৱে শাৰীৰিক অসুস্থতাত ভোগা বুলিহে জনাইছিল পৰিয়ালৰ লোকে৷
প্ৰায় ৭০দেওনা পাৰ কৰা পিতৃ চৰিফুল হুছেইনে নিজৰ গৃহত নিশা সমাগম হোৱা লোকৰ সেমেকি থকা মুখ দেখি অনুমান কৰিব পাৰিছিল যে নিশ্চয় কিবা অঘটন ঘটিছে,আৰু এই কথা উমান পায় অসুস্থ হৈ পৰিছিল পিতৃ চৰিফুল হুছেইন ৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ পিতৃ চৰিফুল হুছেইনক নাজিৰাৰ লিগিৰীপুখুৰীত অৱস্থিত কৰ্ম্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসালয়ত চিকিৎসকে চৰিফুল হুছেইনক মৃত বুলি ঘোষণা কৰে৷
এফালে পুত্ৰ মিনাৰুল হুছেইন আনফালে পিতৃ চৰিফুল হুছেইনৰ নিথৰ দেহ দেখি শোকত ভাগি পৰিল পৰিয়ালৰ লোকৰ লগতে ওচৰ-চুবুৰীয়া ৷ অতি অমায়িক, হাঁহিমুখীয়া আৰু নিৰ্জু প্ৰকৃতিৰ মিনাৰুল হুছেইনৰ অকাল মৃত্যু মানি ল’ব পৰা নাই বন্ধু,পৰিয়াল বৰ্গই৷